সদায় ঘৰখনত দপদপাই ফুৰা মানুহজনী আজি হঠাৎ ম্লান পৰি গ'ল! ঘটনাটোৱে সকলোৰে মনত চমক লগালে ! উস্ চিৰদিনৰ বাবেই ঘৰখনৰ পৰা অদৃশ্য হৈ গ'ল মানুহজনী। আজি চৌকোণে নিমাওমাও ! এক মহাশূন্যতাৰে ভৰি পৰিল ঘৰখন !-----
ছয়জন পুতেক তিনিজনী জীয়ৰী , বোৱাৰী , নাতি-নাতিনীৰে ভৰা এখন ঘৰ। ধান-পাণ, আলু-কবি, সৰিয়হকে ধৰি কিহৰ যে খেতি কৰা নহৈছিল এইখন ঘৰত! হাঁহ-পাৰ , ছাগলী-গৰু, পুখুৰীৰ মাছ সকলোতে শাহু আইৰ প্ৰাণৰ পৰশ। অথচ জীৱনত কোনোদিনেই ভাগৰ নলগা , এলাহ নলগা অথবা বেমাৰক লাই নিদিয়া মানুহজনী আজি নিঃশব্দে, নিথৰে শুই পৰিছে কালৰ কোলাত!
মৃত্যু ! মৃত্যুৰ ভয়াবহতাক বিনাপ্ৰতিদন্দ্বিতাৰে মানি ল'ব লগা হৈছে এই বীৰঙ্গনা মানুহজনীয়ে । মানুহজনীৰ স্পষ্ট কথা , সাহস, ধৈৰ্য্য, কৰ্মপটুতাত বিৰক্ত হোৱা সেৰেপা সকলৰ মনৰ জোখেৰে একো হ'ব নোঁৱাৰিলেও এক কথাত 'অতুলনীয়' নাৰী বুলি ইতিমধ্যেই বহুতে স্বীকাৰ কৰে ।
এবাৰ ঘৰলৈ ডকাইত আহোতে এইগৰাকী শাহুআয়েই ডকাইতৰ হাতৰ পৰা টৰ্চ , ডেগাৰ কাঢ়ি আনি পুতেকহঁতক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰিও ডকাইতকো চমক খুৱাইছিল। গাওঁখনৰ পৰা ঘৰখনলৈ ভয়, শ্ৰদ্ধা আৰু সন্মান কঢ়িয়াই আনিছে শাহুআইৰ এনে জীৱন- বৈশিষ্ট্যই । যিবোৰ হয়তো হাজাৰ জনী নাৰীৰ মাজত এজনী মানৰ ক্ষেত্ৰত হে ওলাব কিজানি।
একেজনী শাহুআইৰ ডিঙিত ইমানবোৰ গুণৰ মালা কিদৰে সম্ভৱ হৈছিল বাৰু এনে প্ৰশ্ন বহুতৰ মাজত হয় । যিটো সময়ত নাৰীয়ে কেৱল ৰন্ধা-বঢ়া,বোৱা-কটাকে জীৱনৰ ডাঙৰ কাম বুলি সাৱটি ধৰি বহি আছিল , সেই একেই সময়তে ঘৰ, পথাৰ পুৰুষৰ সমানে ফেৰমাৰি সমস্যাৰ সতে যুদ্ধ দি জয়ী হোৱা নাৰী আছিল এইগৰাকী।
গাঁৱৰ বহুতে আনকি নিজৰ বোৱাৰীয়েকহঁতেও শাহুআইৰ অতপালিত ধুমুহাৰ আগত শিমলু তুলাহৈ উৰিব লগীয়া হৈছিল । সেইবাবে মনেমনে বিৰক্তও হৈছিল। কিন্তু প্ৰতিবাদ কৰাৰ সাহস কাৰো নাছিল। "আউসীৰ ধাৰ পূৰ্ণিমাত সুজিবলৈ " চল বিচাৰিছিল যদিও সুবিধা পোৱা নাছিল। অত্যন্ত বুদ্ধি, ধৈৰ্য্য আৰু শৃংখলাবদ্ধতাৰে শাহুআয়ে সেইবোৰ এফালৰ পৰা মৰণা মৰাদি গচকি সমান কৰি লৈছিল। মুঠতে ঘৰখনত অলপো একা-চেকা নপৰাকৈ সুকলমে ৰাখিবলৈ যিমানখিনি কৰিব লাগে সকলোবোৰ কৰি লৈছিল তেওঁ। ছজন পুতেকৰ ছটা পৰিয়াল একেডাল ৰচিৰে বান্ধি ৰখাৰ দৰে অসম্ভৱ কামকো সম্ভৱ কৰি শাহুআয়ে আধুনিক বোৱাৰী হঁতৰ কলিজাৰ ধপধপনি বঢ়াই তুলিছিল। তেওঁৰ কীৰ্তিত্ব আৰু অনুশাসনে পুতেকহঁতো "নিবোকা চামোন" হৈ থাকিবলৈ বাধ্য কৰাইছিল । তথাপিও শ্ৰদ্ধাত গদগদ হোৱা পুতেকহঁতৰ সাংসাৰিক জীৱনৰ গতিপথত সেইবাবেই হয়তো সেন্দূৰীয়া হৈ পৰিছিল। পুৰণি সোণৰ দৰে ঘৰখন কিবা এক অকৃত্ৰিম উজ্জ্বলতাৰ মাজত জিলিকি পৰিছিল। বোৱাৰীহঁতে ক্ষুদ্ৰ চিন্তা আপোনপেটা আৰু কম কষ্টৰ মাজেৰে চলিব খোজা মনোবৃত্তিৰ যিবোৰ ওজৰ আপত্তি সেইবোৰে পুতেকহঁতৰ কৰ্ণ গোচৰ হ'লেও সন্তোষ দিবলৈ কোনো ব্যৱস্থা নাছিল। এবাৰ সৰুবোৱাৰীয়েকে নানা অজুহাত দেখুৱাই ভাড়া ঘৰত থকাৰ কথা কেনেবাকৈ শাহু আইৰ কাণত পৰিছিল হে গোটেই ঘৰখনে তোল-নোতোল কৰি পেলাইছিল। শাহুৱেকৰ প্ৰশ্ন- ' ভাড়াঘৰত গৈ কি খাবলৈ পাবি? পুখুৰীৰ মাছ , খেতিৰ ধান, কুঁহিয়াৰৰ মিঠাই, ঘৰৰ খেতিৰ আঞ্জা-চব্জি এইবোৰত থকাৰ উপকাৰিতা কিনি অনা বস্তুত পাই জানো? নাতি ল'ৰা অভিজিতে ককা-আইতা, বৰদেউতাক, পেহী-খুড়া এইবোৰ সম্পৰ্কৰ মাজত কি সোমাই আছে তাক বুজিব পাৰিব? ঘৰৰ মানুহ ঘৰতে থাক।' শাহুআইৰ যুক্তি পূৰ্ণ প্ৰশ্নবাণত তিষ্ঠিব নোৱাৰি বোৱাৰীয়েকে বহুদিনলৈ মুখ তুলিব নোৱাৰা হ'ল। এনেহেন পাকৈত পত্নী থাকোতেই শহুৰেকৰ কোনো মন্তব্যৰ প্ৰয়োজন নাই বুলি তেওঁ সদায় নিমাত হৈ থাকে। পুতেকহঁতেও ঘৰখন ধৰি ৰাখিবলৈ মাকৰ কথাত কোনোদিনে প্ৰতিবাদ নকৰে। বোৱাৰীয়েকহঁতৰ মনত লুকাই থকা গোপন বেজাৰে কেতিয়াও বাষ্পীভূত হ'বলৈ সুযোগ নাপালে। ফলস্বৰূপে গোটেই মৌজাখনৰ ভিতৰতে এখন জাকতজিলিকা ঘৰ হিচাপে প্ৰতিপন্ন হ'ল এইখন ঘৰ। অভাব-অনাটনে ঢুকি নোপোৱা এটা যৌথ পৰিয়াল। পৰস্পৰৰ মাজত মিলা প্ৰীতি গঢ়ি তুলি এটি আদৰ্শ পৰিয়াল হিচাপে স্বীকৃত এইখন ঘৰত শাহুআইৰ কম অৱদান নাই। মনৰ সাহস , শাৰীৰিক শ্ৰম আৰু শক্তিৰ বলত যে তেওঁ এই ঘৰখন পাতি লৈছিল তাক সকলোৱে জানে। আধুনিক যুগতো এনে এখন ঘৰৰ কেনে সৌন্দৰ্য আৰু প্ৰয়োজনীয়তা আছে সেই কথা বজাৰ-ঘাত সকলোতে চৰ্চিত হৈ আহিছে। সেইদিনা পৱিন মাষ্টৰে এইখন ঘৰৰ উদাহৰণ দিয়ে শ্ৰেণীত কৈছিল -' মাছে গৰকা পচলা খাবা, শাহুৱে গৰকা বোৱাৰী পাবা।' কিন্তু পৱিন মাষ্টৰৰ সেই কথাষাৰৰ সত্যতা আজিৰ বোৱাৰীয়ে ৰাখিবলৈ পাৰিব জানো?
আজি হঠাৎ যৱনিকা পৰিল ! এডাল বটবৃক্ষ যেন নিজে নিজে উভালি পৰিল ! সংগ্ৰামী শাহুআইৰ বিপুল সংগ্ৰামৰ অন্তত প্ৰতিধ্বনিত এটি অনন্য সুৰৰ ! স্বৰলিপিত বাজি উঠিল কম্পিত ধ্বনিৰে আন্য এটা সুৰ। যি সুৰত লাহে লাহে ম্লান পৰিল পুৰণিৰ সেই হৃদয়স্পৰ্শী সোণসেৰীয়া সুৰটি! থমকি ৰ'ল বীৰংগনা চিৰনিদ্ৰাৰ কোলাত। কান্দোনৰ ৰোলত ভাহি আহিল শা-হু-আ-ই!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ