আমি সৰুৰে পৰা শিকি আছোঁ যে আনক ঈৰ্ষা কৰা আৰু তেওঁলোকৰ সৈতে প্ৰতিযোগিতাত নামি লাভ নাই। প্ৰতিজন মানুহৰ জীৱনৰ পথ বেলেগ বেলেগ, গতিকে নিজকে আনৰ সৈতে তুলনা কৰি নিজৰ শক্তি আৰু সামৰ্থ্যক পাহৰি যোৱাটো বুদ্ধিমানৰ কাম নহয়।আনৰ সৈতে প্ৰতিযোগিতা কৰাতকৈ নিজৰ সৈতে প্ৰতিযোগিতা কৰা বেছি ভাল। আজিৰ নিজৰ অৱস্থাটো কেনে আছিল, তাকেই উন্নত কৰাৰ চেষ্টা কৰিব লাগে। আনৰ সফলতাৰ পৰা অনুপ্ৰেৰণা ল'ব পাৰি, কিন্তু ঈৰ্ষা কেতিয়াও নহয়।নিজৰ দক্ষতা, চিন্তাধাৰা আৰু চৰিত্ৰ উন্নত কৰাই হৈছে সঁচা উন্নতি। যেতিয়া মানুহে নিজৰ সৰ্বোত্তম ৰূপ হোৱাৰ দিশে মনোযোগ দিয়ে, তেতিয়াই সফলতা নিজেই আহে।সেয়ে ক'ব পাৰি, আনক হৰুৱাবলৈ নহয়, নিজকে জয় কৰিবলৈ চেষ্টা কৰা। সেয়াই হৈছে জীৱনৰ ডাঙৰ জয়।মানুহক মানুহ কৰি তোলে যি গুণে, সেয়াই হৈছে বিবেক। বিবেক হৈছে মানুহৰ অন্তৰৰ সেই কণ্ঠ, যিয়ে সঠিক পথ দেখুৱায় আৰু ভুল কামৰ পৰা আঁতৰাই ৰাখে। যিজন মানুহে এই কণ্ঠক অৱহেলা কৰে, তেওঁ জীৱনৰ পথত দিশভ্রষ্ট হৈ পৰে। সেইবাবেই কোৱা হয়-বিবেকহীন মানুহে কেতিয়াও কোনো কামত সফল হ'ব নোৱাৰে।বিবেক নথকা মানুহে লাভ-ক্ষতিক কেৱল নিজৰ স্বাৰ্থৰ দৃষ্টিৰে দেখে। তেওঁ তৎকালীন সফলতাৰ বাবে অসৎ পথ বাছি লয়। যদিও এনে সফলতা বাহিৰত উজ্জ্বল যেন লাগে, ভিতৰত সেয়া শূন্য। সময় বাগৰি গ'লে এনে সফলতা ভাঙি পৰে আৰু মানুহজনে বিশ্বাস, সন্মান আৰু আত্মসন্তুষ্টি সকলো হেৰুৱায়।বিবেকবান মানুহে জানে যে সফলতা কেৱল লক্ষ্যত উপনীত হোৱাই নহয়, সফলতা হৈছে সঠিক পথেৰে লক্ষ্যত উপনীত হোৱা। এনে মানুহে কষ্ট সহ্য কৰে, ধৈর্য ধৰে আৰু সততাৰ সৈতে আগবাঢ়ে। ভুল কৰিলে নিজকে শুধৰাই ল'ব জানে। এই আত্মবিশ্লেষণেই তেওঁক দীৰ্ঘম্যাদী সফলতা দিয়ে।
সমাজে বিবেকবান মানুহক বিশ্বাস কৰে। এই বিশ্বাসেই তেওঁক আগুৱাই নিয়ে। বিপৰীতে, বিবেকহীন মানুহ সমাজৰ পৰা ধীৰে ধীৰে বিচ্ছিন্ন হৈ পৰে। এসময়ত তেওঁ নিজেই নিজৰ ব্যৰ্থতাৰ কাৰণ হৈ উঠে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ