কুঁৱলীৰ মাজেদি অহা ৰ'দৰ জিলিঙনিয়ে
কিঞ্চিত উত্তাপ দিছে
এইবোৰ বাৰু কুঁৱলীয়েনে?
নে কুমিন্টাঙৰ দেশৰ ক্ষুধাৰ অগ্নিৰ স্ফুলিংগ,
গগনে পশ্চিমৰ গযুদ্ধ বিদ্ধস্ত
দেশৰ নিৰীহ প্ৰজাৰ শ্মশান শালীৰ ধোঁৱাৰ কুণ্ডলী!
যিয়ে চাটি ধৰিছে নেকি সমগ্ৰ বিশ্বৰ বায়ুমণ্ডল?
আজিৰ আলিবাট বোৰ মসৃণ,
ফুঁ মাৰি ভাত খাব পাৰি
পংকিল গোবাট নাই ,
মানুহে হাত ধুই ভাত খাব পাৰে।
খেৰৰ বাঁহৰ ঘৰ বোৰৰ শ্মশান যাত্ৰা হ'ল,
যেনিয়েই চাওঁ তেনিয়েই
আকাশ লংঘী পকী দালান বোৰ।
তথাপিও ,তথাপিও
শান্তি আছেনে ধৰাত?
হত্যা,হিংসা,স্বাৰ্থপৰতাই বিভ্ৰান্ত কৰা
মানৱৰ শান্তিৰ অৱকাশ ক'ত?
সৰ্বসাধাৰণ ৰাইজৰ জীৱন আজি বিপন্ন,
উলুৰ লগত বগৰী পোৰা,ভয়,শংকাৰে আচ্ছন্ন মন,যেন কিবা অশুভ সংকেট !
আমি বাৰু সেই শান্তিৰ পৃথিৱীখন
ঘূৰাই আনিব পাৰিম নে? নাই
দানৱ কুলৰ স্বাৰ্থান্ধ বৰ্বৰতাৰ সমূখত
নতজানু আমাৰ জীৱন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ