ল'ৰালি ~ সুনীতা ৰাই গৰাইত

Mousumi Bhuyan
0
বৰমা! বেয়া নাপায় যদি,গাড়ীখন মই অলপ চলাই চাওঁনে? মই আশ্চৰ্যৰে ঘূৰি চালো! আগদিনাখন হৈ যোৱা আমাৰ একমাত্ৰ ল'ৰা জোনাকৰ জন্মদিনৰ উপহাৰবোৰ আনন্দ মনেৰে আমি চাই আছিলো।বেছিভাগ উপহাৰেই বৈদ্যুতিক আধুনিক পুতলা গাড়ী।জোনাকে উৎসাহেৰে গাড়ীবোৰ এখন এখনকৈ চলাই আছে ।তাৰ কি যে অপাৰ আনন্দ ! মনে বিচৰা ধৰণেৰেই সকলো পোৱা বাবে। হঠাতে এখন গাড়ী সি চলাব পৰা নাই ,আমিও যিমান পাৰো চেষ্টা কৰিছো কিন্তু বাৰে বাৰে বিফল হৈছো।
সেইসময়তে মোৰ ঘৰুৱা কামৰ সহায়িকা তগৰৰ দহ বছৰীয়া ল'ৰা ৰাজীৱ মাকক কিবা কামত বিছাৰি আমাৰ ঘৰলৈ আহিছিল।আমি সকলোৱে গাড়ীখন লৈ ইমান ব্যতিব্যস্ত হৈ থকা দেখি,সি চুচুক-চামাক কৈ লাহে লাহে আমাক মাত দিছিল।তাক দেখি মই ভাবিব ধৰিলো ,তাক গাড়ীখন দিলে যদি সি ভাঙি পেলায়।এনেকুৱা দামী পুতলা গাড়ী সি জীৱনত চুই কি দেখিয়েই পোৱা নাই চাগে। তথাপি তগৰৰ মুখখনলৈ চাই দিওঁ‌ -নিদিওঁ‌ কৈ দিলো। সি গাড়ীখ্ন হাতত তুলি লগে লগেই ইফালে সিফালে কিবা- কিবি পিতিকি মেলি চলাই দেখুৱালে।গাড়ী খন ধুনীয়াকৈ গান বাজি বাজি চলিব ধৰিলে।
    তাকে দেখি "তগৰ তোমাক দিয়া পইচা কম হয় বুলি কোৱা,আৰু ল'ৰাক দামি দামি পুতলা গাড়ী খেলিবলৈ আনি দিয়া ন । যিবোৰ মইয়েই আজিলৈকে কিনি দিব পৰা নাই। " মই ইতিকিং কৰি কোৱা কথাষাৰ তাইৰ বুকুখনত বিষশেল হৈ হে যেন বিন্ধিলে। তাইৰ চকু চলচলীয়া কৰি লাহেকৈ ক'লে -বাইদেউ আমি ক'ত নো ইমান দামি দামি পুতলা গাড়ী কিনিব পাৰিম;সি পুতলা গাড়ীৰে নেখেলে নহয়,পুতলা দোকানত কাম কৰে বাবেহে !
     তাইৰ উত্তৰ শুনি বৰ লাজ পালো!নিজকে বৰ দুখী দুখী লাগিল। মনতে ভাবিলো দুয়োটা ল'ৰা একে বয়সৰ তথাপি ইমান পাৰ্থক্য! ল'ৰাতোৰ মূৰত মৰমেৰে হাত বুলাই সি ভাল কৰা গাড়ীখন লগতে আৰু দুখন গাড়ী জোনাকৰ হাতেৰে দিয়ালো।লোৱা তুমিও খেলিবা দেই।আনন্দত তাৰ নিস্পাপ চকুযুৰি তিৰবিৰাই থাকিল।।!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)