আমাৰ জীৱনৰ এটা অতি চিনাকি বাক্য — “অহা কালিৰ পৰা আৰম্ভ কৰিম”। এই কেইটামান শব্দই আমাক কিমান সহজে সান্ত্বনা দিয়ে! আজিৰ কামটো এৰি থৈ দিলে মনটো কিছু পৰিমাণে হালধীয়া হয়, যেন কাইলৈ এটা নতুন সূৰ্য উদয় হ’ব আৰু সকলো কাম অতি সহজে সম্পন্ন হৈ যাব। কিন্তু বাস্তৱত কি হয়? কাইলৈ আহিলে আকৌ সেই একেই কথা — “অহা কালিৰ পৰা...”। এনেদৰে দিনবোৰ গতি কৰে, কামৰ পাহাৰ গঢ়ি উঠে আৰু আমাৰ মনৰ ভিতৰত এটা অদৃশ্য ভাৰ বাঢ়ি থাকে।
এই অভ্যাসটোৱে আমাক কেৱল কামৰ পৰা আঁতৰাই নহয়, নিজৰ ওপৰত থকা বিশ্বাসকো কমাই দিয়ে। আজি যি কাম এৰি থৈ দিলোঁ, সেইটোৱে কাইলৈ আকৌ মোক সোঁৱৰাই দিয়ে — “তুমি পূৰ্বৰ দিনটোতো পাৰা নাছিলা”। ফলত আত্মবিশ্বাস কমে, মন অস্থিৰ হয় আৰু সৰু সৰু কামবোৰো ডাঙৰ যেন লাগে। কামৰ বোজা গধূৰ নহয় কামৰ সংখ্যাৰ বাবে; বৰঞ্চ সেইবোৰ এৰি থৈ দিয়াৰ অভ্যাসৰ বাবেহে গধূৰ হৈ পৰে।
জীৱনত সফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে এই “অহা কালি”ৰ মায়া। যিসকলে জীৱনত বেছি দূৰলৈ গৈছে, তেওঁলোকে এটা কথা ভালদৰে জানে — সফলতাৰ আৰম্ভণি হয় “আজিৰেই” পৰা। সৰু হওক বা ডাঙৰ, প্ৰতিটো কামৰ এটা আদৰ্শ সময় থাকে — সেইটো হৈছে এতিয়া। “অহা কালিৰ পৰা” বুলি থৈ দিলে আমি নিজৰ সপোনৰ প্ৰতি অবিশ্বাস কৰোঁ, নিজৰ সময়ক অৱমূল্যায়ন কৰোঁ।
গতিকে আহক, আজিৰ পৰা এটা সৰু পৰিৱৰ্তন কৰোঁ। পৰৱৰ্তীবাৰ যেতিয়া মনত আহিব “অহা কালিৰ পৰা আৰম্ভ কৰিম”, তেতিয়া নিজকে সোধক — “কিয় আজিৰ পৰাই নহয়?” এবাৰ আৰম্ভ কৰিলে কামৰ গতি নিজেই আহে, আৰু তেনে মানুহৰ বাবে “অহা কালি” শব্দ দুটাৰ কোনো অস্তিত্ব নাথাকে।
আজিয়েই আৰম্ভ কৰক। কাৰণ কাইলৈ আকৌ আজি হ’ব, আৰু সেই আজিৰ ভিতৰত লুকাই আছে আপোনাৰ সকলো সম্ভাৱনা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ