সময় অসময় - বনশ্ৰী দাস

 protibha phukon
0
নিৰ্জনতাত কাণপাতি শুনা মৃত্যুৰ কোলাহল
উশাহৰ পৰা উশাহলৈ বৈ পৰা শীতলতা
তুমিও অনুভৱ কৰা
ক্ষণিকৰ বাবে এৰি দিয়া সময়ৰ হাত 
এই সময় মোৰ নহয় ,তোমাৰ নহয় 
দেখিছানে কেনেদৰে নীলা পৰিছে নখবোৰ
এই সময় বিষাক্ত সময়, নিশাবোৰ ঘন ক'লা
তুমি নেমেলিবা দুচকুৰ পতা
এন্ধাৰত পখিলাটি হেৰালে বিচাৰি পাবলৈ টান
তোমাৰ বুকুতে শুই আছে সুৰ এটা
তাক জগাই নিদিয়া কিয়
নিশাবোৰত সি তোমাৰ প্ৰহৰী হ'ব 
ৰঙা বেলি এটালৈ ময়ো ৰৈ আছো
পোহৰ হ'লে সাৰ পাবা তুমি 
খিৰিকী খুলিলে দেখিবা গান গোৱা চৰাইজনী
তাইয়ো ৰৈ আছে তুমি সাৰ পোৱালৈ
সময়বোৰ আমাৰ হোৱালৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)