কাষ্টমাৰৰ পৰা কলিজালৈ ~ তৃষা কটকী

Mousumi Bhuyan
0
আজি বৰষাৰ পাৰ্চেলটো আহিব।ৰাতিপুৱাই বৰষাৰ ম’বাইলত এটা মেছেজ আহিল। তাই মেছেজ টো খুলি চাই তাত উল্লেখ কৰা ফোন নম্বৰটোলৈ ফোন লগালে।প্ৰথমে ফোনটো ৰিছিভ নহ’ল।তাই আকৌ এবাৰ চেষ্টা কৰিলে।এইবাৰ ফোনটো ৰিছিভ কৰি সিফালৰ পৰা গলগলীয়া মাতেৰে ক’লে,
“হেল্ল’”।
“হয়,মোৰ এটা পাৰ্চেল আছিল,কেতিয়া দিব?”
“ কি নাম আছিল।বৰষা কলিতা,চেনিকুঠী,হাউচ নং…”
“বাইদেও অলপ দেৰি হ’ব।আপোনাক জনাম।“
“বাৰু।“
বৰষা অফিচলৈ যাবলৈ সাজু হ’ল।দিনটো অফিছত ইটো সিটো কামত ব্যস্ত আছিল বৰষা।হঠাতে এটা অচিনাকী নম্বৰৰ পৰা তাইলৈ ফোন এটা আহিল।তাই ফোনটো ৰিছিভ কৰিলে।
“ হেল্ল,বাইদেও আপোনাৰ এটা পাৰ্চেল আছিল।“
“অহ ।মই এতিয়া অফিচত আছো।দিব পাৰিবানে এতিয়া?
ক’ত আছে আপোনাৰ অফিছ?”
“খাৰঘুলিত।“
“বাৰু মই গৈ আছো।আপোনাক ফোন কৰিম।“
“ঠিক আছে।“
কিছুসময়ৰ পিছত বৰষাই পাৰ্চেলটো ল’ৰাজনৰ পৰা ল’লে।“তুমি মোক ঘৰত নাপালে এই অফিচতে পাবা।এইটোৱে মোৰ ঠিকনা।“
“হ’ব বাৰু!”
লগে লগে বৰষাৰ ম’বাইলত পাৰ্চেল ডেলিভাৰ হোৱা এটা মেছেজ আহিল।তাই ইনবক্সটো খুলি চালে।ল’ৰাজনৰ নাম অনুপ বৰুৱা।তাই নম্বৰটো ছেভ কৰি থ’লে।যিহেতু তাই প্ৰায়েই অনলাইন চ’পিং কৰে।কাপোৰৰ প্ৰতি খুবেই চৌখিন বৰষাৰ।নতুন ডিজাইনৰ কাপোৰ দেখিলে অৰ্ডাৰ দিয়ে ফ্লিপকাৰ্ট,মিন্ত্ৰা অথবা আমাজনত।সেয়েহে পাৰ্চেল দিবলৈ অহা কেইজনে তাইক ভালদৰেই চিনি পায়।
পূজাৰ সময়।মেগা ছেল দি আছে।বৰষাই তাইৰ পছন্দৰ ফ্ৰক দুটামান অৰ্ডাৰ দিলে।
নিৰ্দিষ্ট দিনত পাৰ্চেল অহাৰ মেছেজ আহিল!তাই ফোন কৰিলে অনুপ নামৰ ল’ৰাজনলৈ।
“মোৰ দুটামান পাৰ্চেল আছে।তুমি ৰাখি দিব পাৰিবানে?মই এতিয়া গুৱাহাটীত নাই।পৰহিলৈ যাম,তেতিয়া ৰিছিভ কৰিম।পেমেণ্ট কৰা নাই।“
“হ’ব বাইদেও।“
এনেকৈয়ে দিনবোৰ গৈ থাকিল।কিবা ব্যস্ততাত থাকিলে তাই পাৰ্ছেল ল’ব নোৱাৰিলে অনুপক ফোন কৰে আৰু সি তাইক ঘৰত বা অফিছত দি থৈ যায়।
এটা বিশ্বাসৰ নাম অনুপ।হাজাৰ দোমোজাৰ মাজতো কেনেবাকৈ তাই ল’ব নোৱাৰিলে সি ল’বই।হয়তো একপক্ষীয় আন্তৰিকতাৰ আত্মপ্ৰকাশ।সেয়ে ছাগৈ তাইৰ নামত অহা পাৰ্চেলবোৰ সি ৰাখি তাইৰ সময়মতে তাইক দিয়ে।সেয়ে তাই পাৰ্চেল আহিলেও নিশ্চিত হৈ থাকে যে অনুপে তাইক দিবই।বৰষাৰ হোৱাটচ আপ ষ্টেটাচ অনুপে সদায় চায়।এদিন
বৰষাৰ হোৱাটচ আপৰ ষ্টেটাচ চোৱাৰ পিছত তাইক এটা মেছেজ দি অনুপে কয় ,
“তুমি মোৰ কাষ্টমাৰ নহয়,তুমি মোৰ কলিজা”!
লগে লগে বিজুলী প্ৰবাহৰ দৰে কিহবাই অনাকাংক্ষিতভাৱে তাইক চুই যায়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)