মাথো সলনি হৈছে সময়
সময়ে কঢ়িয়াই আনিছে
এখন তেজাল মৰুভূমি
এই মৰুভূমিৰ চুকে চুকে
লুকাই আছে
এজাক ডবাপিটা বৰষুণ
বৰষুণৰ টোপালবোৰো
আগৰদৰেই আছে
টিনপাতৰ পৰা
একেদৰেই সৰিছে ভূমিত
ভূমিৰ গুণাগুণো একেই আছে
আগৰ দৰেই গজি উঠিছে
বনৰীয়া ঘাঁহবোৰ
সকলো একেই আছে
একেদৰেই আছে
এই জগতখন
মাথোঁ সলনি হৈছে
আবেগবোৰ
বাহ্যিকতাত সকলো
একেই থাকে
একে থাকে জানো অন্তৰখন
জীয়াবোৰ মৰে
মৰাবোৰ জী উঠে নে পিছে
অলিয়ে গলিয়ে ঘূৰি ফুৰা
আত্মাবোৰ সঁচাই মৰে নে
একেদৰেই থাকে জানো
তেওঁলোকৰ
সত্ত্বা।
সকলো একেই থাকে
সলনি হয় বাস্তৱৰ
বাস্তৱৰ প্ৰতিটো ক্ষণেই
ঠুনুকা বিৰামহীন
কল্পনাত
সকলো নিজৰ
সকলো আপোন
সকলো আপোন
কল্পনাত
সকলো একে থাকে
তুমি মই
আমি বিচৰাৰ দৰে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ