অমৰত্ব প্ৰাপ্তি মোৰ কাম্য নহয় -‌ ৰাতুল চেতিয়া ফুকন

 protibha phukon
0
অমৰত্ব প্ৰাপ্তি মোৰ কাম্য নহয়
তথাপি মৃত্যু নিবিচাৰো।
মই কাইলৈ দিনটো চাব বিচাৰো 
য'ত আকাশে ৰ'দৰ কথা ক'ব 
বতাহে ক'ব জীৱনৰ কথা।।
এতিয়া মানুহৰ অভাৱ উভৈনদী 
সঠিক ভাৱৰ হে অভাৱ হৈছে।
সকলোৰে মনত অ ভাৱে খুপনি লৈছে।
অ ভাৱৰ স্বভাৱ সলনি নোহোৱালৈকে 
মই মৃত্যু নিবিচাৰো।
অমৰত্ব প্ৰাপ্তি মোৰ কাম্য নহয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)