কেতিয়াবা মোলৈ মনত পৰেনে - পল্লৱী হাজৰিকা

 protibha phukon
0
কেতিয়াবা মোলৈ মনত পৰেনে?
যদি পৰে এপাহ গোলাপ আনিবা তছনছ কৰি বুকুত চটিয়াবলৈ।
কিয়নো বুকুখনৰ গভীৰতা বোৰে বুকুত দহে
উশাহ ঘন কৰি বালিচৰ সাজে মৃত্যুলৈ
হেঁপাহ বুলিবলৈ চন্দ্ৰবিন্দুটোহে আছে,
উৰি যোৱাৰ ভয়ত পিঞ্জৰাত বন্ধ জীৱন।

চাকনৈয়া সময়ৰ
দেখাৰ দৰে সহজ নহয়,
ভাববোৰো অসম্পূৰ্ণ জীৱনী ,
লিখিবলৈ কাহিনী আছে, 
ৰোমন্থন কৰিবলৈ প্ৰকৃতি যে নাই।

জীয়াধনশিৰি বানৰ পৰশত পলস পৰিল যদিও
কৃষকৰ তৃপ্তিবিহীন জীৱন।
যেন পূৰ্ণিমাৰ অৰ্ধ জোন
লালসা নাই অতীত কিম্বা ভৱিষ্যতৰ
বাবলৈ আছে বঠা বাইছে নোপোৱা পাৰৰ বেথাৰে!!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)