মোৰ মন যায় ~ মৌচুমী ভূঞা

Mousumi Bhuyan
0
মোৰ মন যায়, চৰাই হ'বলৈ
মুকলি মনেৰে নীলা আকাশত উৰি ফুৰিবলৈ।
ডেউকা মেলি হেৰাই যাবলৈ মেঘৰ সিপাৰে ।
মোৰ মন যায়, নদী হ'বলৈ
শান্ত, নীৰৱতাৰে দূৰ অসীমলৈ বৈ যাবলৈ।
হৃদয়ৰ সকলো কলৰৱ বুকুত সামৰি
সাগৰৰ বিশালতাত এদিন মিলি যাবলৈ।
মোৰ মন যায়, এটি তৰা হ'বলৈ
অন্ধকাৰ নিশাৰ আকাশত মিচিকিয়াই হাঁহিবলৈ।
কাৰোবাৰ অকলশৰীয়া বাটৰ লগৰী হৈ
আশাৰ সপোনবোৰ জিলিকাই ৰাখিবলৈ।
মোৰ মন যায়, এজাক বৰষুণ হ'বলৈ
তপনৰ তাপত দগ্ধ ধৰাক শীতল কৰিবলৈ।
পাহাৰ-ভৈয়াম একাকাৰ কৰি সুৰৰ মায়াত
সকলোৰে মনত আনন্দৰ জোৱাৰ তুলিবলৈ।
কেতিয়াবা মন যায় এটি ধূলিকণা হ’বলৈ
পৃথিৱীৰ বুকুত বিলীন হ’বলৈ,
য’ত নাই কোনো প্ৰতিযোগিতা, নাই কোনো ভাগৰ
মাথোঁ আছে এক গভীৰ আৰু নিবিড় চেনেহৰ সাগৰ।
মোৰ মন যায়, এজাক কুঁৱলী হ’বলৈ
পাহাৰৰ সেউজীয়া আঁচলত লুকাভাকু খেলিবলৈ।
শীতৰ পুৱাত পাতৰ আগত মুকুতা হৈ সৰি
ধৰিত্ৰীৰ বুকুত মৰমৰ পৰশ বুলাবলৈ।
মোৰ মন যায়, এটি বনফুল হ’বলৈ
অজান অটব্য অৰণ্যত ফুলিবলৈ।
কাৰো বাবে নহ’লেও নিজৰ বাবেই হাঁহি
পৃথিৱীৰ ৰূপত নিজকে বিলীন কৰিবলৈ।
মোৰ মন যায়, এটি পাহাৰী ঝৰ্ণা হ’বলৈ
শিলৰ মাজে মাজে সংগীতৰ সুৰ তুলিবলৈ।
প্ৰকৃতিৰ কোলাত কোনো কৃত্রিমতা নোহোৱাকৈ
আপোন পাহৰা হৈ মাথোঁ বৈ যাবলৈ।
মোৰ মন যায়, পচোৱা বতাহজাক হ’বলৈ
শিমলুৰ তুলাবোৰ আকাশত উৰুৱাই নিবলৈ।
বসন্তৰ আগমনত কুলিৰ মাতেৰে সৈতে
নতুন কুঁহিপাতৰ বুকুত প্ৰাণ দিবলৈ।
 
                                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)