আমাৰ গা‍ঁৱৰ সৰস্বতী পূজা, অতীত আৰু বৰ্তমান- তিলোত্তমা মহন্ত গোস্বামী

 protibha phukon
0
সৰস্বতী পূজাই আমাক শিকাইছিল সামাজিক অনুষ্ঠান কেনেকৈ আনন্দৰে উদযাপন কৰিব লাগে। মোৰ শৈশৱৰ গাওঁখন হ'ল মৰিগাঁও। আমাৰ গাঁৱত সেইসময়ত বৈষ্ণৱ আৰু চৈতন্য পন্থাৰ লোক আছিল। অন্য ধৰ্মৰ লোক নাছিল।
আমাৰ গাঁৱত সৰস্বতী পূজাৰ আগদিনা প্ৰতিমা আনিবলৈ চুবুৰীয়া ডেকা-গাভৰু সকলো যায়। সৰস্বতীৰ প্ৰতিমা ঠেলা বা ৰিক্সাত লৈ অনা হয়। নিৰ্দিষ্ট স্থানত প্ৰতিমা প্ৰতিষ্ঠা কৰাৰ আগতে গাঁৱৰ মাজেৰে নাম কীৰ্তন কৰি আনি প্ৰতিষ্ঠা কৰি আৰতি কৰা হয়। ধূপ-ধূনা, চাকি বন্তিৰে আৰতি কৰাৰ পাছত প্ৰসাদ বিতৰণ হয় আৰু সকলো ঘৰাঘৰি যায়।
              সৰস্বতী পূজা বুলিলে এসপ্তাহৰ আগৰপৰাই গঞা ৰাইজে পূজাভাগ কেনেকৈ পাতিব আলোচনা কৰে। সকলোৰে সাহাৰ্যত এখন কলপাতৰ ৰভা দিয়া হয়। পূজালৈ বুলি গঞাৰ ঘৰলৈ গৈ ল'ৰাবোৰে চাদাঁ তুলি আনে। কোনোবাই টকা, কোনোবাই চাউল, মাহ আদি দিয়ে। যিয়ে যি পাৰে তাকে দিয়ে। কোনো ধৰা-বন্ধা কথা নাই, দিব নোৱাৰা সকলে হাতে-কামে লাগি দিয়ে। মুঠতে চুবুৰীয়াৰ সকলোৰে সহযোগিতাত পূজাভাগ হয়। সৰস্বতী থানখন দলৈচুৱা, নাওকটা গাঁৱলৈ সোমোৱাৰ মূল পথৰ তিনিআলিটোতে। 
              অন্য ঠাইৰ দৰে ইয়াত দেৱী পূজা নহয় বা যজ্ঞ আদিও নহয়। পূজাৰ দিনা মাহ প্ৰসাদ দি গঞা ৰাইজে নাম গায়, সেইবাবে গঞাই সৰস্বতী সবাহ বুলি কয়। নাম প্ৰসংগৰ পাছত থিয় নাম গোৱা হয়। এইদৰে সৰস্বতী সবাহ পাতি মাহ প্ৰসাদ খাই সৰস্বতী সবাহ সামৰে। পাছলৈ গঞা মানুহে চাহ লুচি আদিৰো ব্যৱস্থা কৰিবলৈ ধৰিলে। বছৰেকীয়া এই সৰস্বতী সবাহৰ দিনটো গঞাৰ বাবে আনন্দৰ দিন। সেই সময়ত ৰাতিলৈ ভি.চি.দি. অনা হয়। যিসকলৰ চিনেমা চোৱাত ৰাপ আছে তলত পাৰি দিয়া টিৰ্পালত বহি গঞাৰ লোকসকলে ৰাতি এপৰলৈকে ভি.চি.ডি.চাই থাকে। কাৰণ সেই সময়ত টি.ভি. ওলাইছিল যদিও গঞা মানুহৰ সকলোৰে ঘৰত টি.ভি.নাছিল। কেতিয়াবা এনেদৰে চিনেমা দেখুৱাই ৰাতি পুৱাই দিছিল। অৱসৰ বিনোদনৰ এই মূহুৰ্তবোৰ গঞা মানুহে একেলগে ভালদৰে উপভোগ কৰিছিল। সৰস্বতী পূজা শেষ হোৱাৰ পাছদিনা দেৱী গোঁসানীক ৰখা ঠাইখিনি জেওৰা মাৰি বেৰি ৰাখিছিল আৰু তাত এগছি চাকি জ্বলাই ৰখা হৈছিল। 
          গঞাৰ ল'ৰা-ছোৱালীৰ পৰীক্ষাৰ আগত সৰস্বতী থানত ধূপ, চাকি দি প্ৰণাম কৰি আহিছিল। ইয়াৰ পৰা কি ফল পাইছিল নাজানো মানুহৰ বিশ্বাস ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰিছিল আৰু সৰস্বতী থানখনৰ মহিমা মুখ বাগৰি বাহিৰলৈও প্ৰচাৰ হৈছিল। কোনো ল'ৰা-ছোৱালীৰ সময়ত মাত নুফুটিলে সৰস্বতী থানলৈ শৰাই আগবঢ়ালে সোনকালে মাত ফুটে বুলি বিশ্বাস কৰিছিল।
             পাছলৈ এই থানৰ মহিমা লোকমানসত বৃদ্ধি পায়। ল'ৰা-ছোৱালীয়ে পৰীক্ষাত বেয়া কৰিলে সৰস্বতী আইৰ দোষ খণ্ডন কৰিবলৈ সৰস্বতী থানত শৰাই আগবঢ়াই আৰু আইসকলে নাম গাই তেওঁলোকৰ সেই দোষ খণ্ডন কৰিবলৈ আইক প্ৰাৰ্থনা জনায়। এনেদৰে মহাপুৰুষীয়া আৰু চৈতন্য ধৰ্মীয় লোকসকলে সৰস্বতী বন্দনাৰে নহয় হৰি নামৰ কীৰ্তনেৰে সৰস্বতী থানত নাম গাই আনন্দ কৰে। যিসকল সেৱকীয়ে যি ফল আশা কৰি শৰাই আগবঢ়াই তেওঁলোকে সেই সেৱাৰ ফল পায় বুলি জনবিশ্বাস প্ৰচলন হৈ আহিছে। ধৰ্ম হ'ল বিশ্বাসৰ ভেটিত প্ৰতিষ্ঠিত। লোকবিশ্বাসৰ আধাৰতেই মৰিগাঁও জিলাৰ আমাৰ গাঁৱৰ এই সৰস্বতী থানৰ মহিমা জনসমাজত প্ৰচলিত হৈ থানখন মহিমামণ্ডিত হৈ পৰিছে। বৰ্তমান সময়ত সৰস্বতী থানত প্ৰতিদিন ধূপ চাকি জ্বলোৱা হয় আৰু প্ৰায়েই বিভিন্ন ঠাইৰ মানুহ গৈ শৰাই দিয়ে। মানুহে শৰাই দিলেই গঞা আইসকলে নাম গাই শৰাই আগবঢ়োৱা গৃহস্থক শৰাইৰ ফলভাগী হ'বলৈ আশীৰ্বাদ দিয়ে। সৰস্বতী আইক নামতীয়ে প্ৰাৰ্থনা জনাই যাতে এই নৈবেদ্য গ্ৰহণ কৰি সৰস্বতী আই সন্তুষ্ট হৈ শৰাই আগবঢ়োৱাজনে যি উদ্দেশ্যেই শৰাই দিছে সেই উদ্দেশ্যেৰ যাতে সম্পূৰ্ণ ফলভাগী হয়। 
               সৰস্বতী সবাহ আবেলি হয়। কিন্তু শৰাই দিয়া নাম আগবেলা হয়। শৰাই আগবঢ়োৱাসকলে চাউল,মাহ, নৈবেদ্যৰ উপকৰণ সকলো আগদিনাই জমা দি আহে। পাছদিনা শৰাই দিয়া সময়ত সেৱকীসকল উপস্থিত থাকিলেই হ'ল। গঞা ৰাইজেই বাকী সকলোখিনি কৰি-মেলি শৰাই আগবঢ়াই দিয়ে। এনেদৰে সৰস্বতী প্ৰতিমাৰ আগত বাৰমাহে নাম কীৰ্তন হৈ থাকে। বছৰৰ শেষত সৰস্বতী পূজাত পুণৰ নতুন প্ৰতিমা প্ৰতিষ্ঠা কৰে। 
            আমি স্কুলত পঢ়ি থকা কালত স্কুলত সৰস্বতী পূজা বুলি ক'লে আমাৰ অপাৰ আনন্দ। কাৰণ সেইদিনা আমাৰ পঢ়াৰ কথা নাথাকে। সাজি-কাচি সকলো লগৰীয়াই স্কুলত খোৱা-বোৱা কৰি ফটো উঠো। সেয়াই আমাৰ হেঁপাহ। আমি হিন্দু মুছলমান সকলো স্কুললৈ আহিছিলো আৰু পূজাত বহি কেতিয়াও অঞ্জলি দিয়া নাছিলোঁ মাথো দূৰৰপৰা প্ৰণাম কৰিছিলোঁ। আমাৰ লগত বহু সংখ্যক মুছলমান বন্ধু বান্ধৱী আছিল। মই বৈষ্ণৱ ধৰ্মৰ। তথাপি আমি কোনেও কাকো কেতিয়াও হিন্দু, মুছলমান, বৈষ্ণৱ, শাক্ত, চৈতন্য পন্থাৰ আদি বিচাৰ নকৰি স্কুল, কলেজৰ সৰস্বতী পূজা একেদৰেই পালন কৰিছিলো। জুনাব চাৰেও প্ৰসাদ খাইছিল আৰু মহন্ত চাৰেও খাইছিল। আমি বিলনীয়া হৈছিলোঁ। কলেজত কিন্তু শংকৰ সংঘৰ দুজন চাৰ আছিল, তেখেতসকলে সৰস্বতী পূজাৰ প্ৰসাদ খোৱা নাছিল। তেখেত দুজন কলেজৰ কোৱাৰ্টাৰত আছিল, বিশেষ কাম নাথাকিলে সেইদিনা কলেজলৈ অহা নাছিল। তাৰ বাহিৰে আমি কোনো শিক্ষাগুৰুৱে বা ছাত্ৰ-ছাত্ৰীয়ে সৰস্বতী পূজাত যোগদান নকৰাৰ কথা জনা নাছিলোঁ। আমাৰ ঘৰত সৰস্বতী পূজা নাপাতে, তথাপি দেৱীক শ্ৰদ্ধা কৰি সেইদিনা ধূপ জ্বলাই সৰস্বতী বন্দনা গাবলৈ আয়ে শিকাইছিল। " সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই। যিখিনি পাহৰো দিবা সোঁৱৰাই। খৰি খৰি খৰি বজ্ৰবাণ খৰি,খৰিয়ে মেলিলে পাত আই সৰস্বতী কণ্ঠত থাক। কণ্ঠত থাকি তুমি কৰিবা হিত , মোক কৰিবা ৰাজ পণ্ডিত।" এনেধৰণৰ আছিল আমাৰ প্ৰাৰ্থনা। মোৰ লগৰ লুলুফাহঁতেও এই প্ৰাৰ্থনা মুখস্থ কৰি গাইছিল। আমিতো তেতিয়া সৰস্বতী পূজা হিন্দু, মুছলমান, বৈষ্ণৱ, শাক্ত আদি কাৰোবাৰ বিশেষ অনুষ্ঠান বুলি ভবা নাছিলোঁ বা আমাক শিকোৱা হোৱা নাছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)