অলকেশৰ ভেলেন্টাইন- অখিল বৰদলৈ

 protibha phukon
0
ৰাতিপুৱাই ৰঙা গোলাপৰ কলি কেইটামান লৈ অলকেশ কলেজ তিনিআলি লৈ বুলি ওলাই গ’ল । ঘৰত একমাত্র ভনীয়েক তৰালী য়ে অসুখীয়া মাকক পৰিচৰ্য্যা কৰাত ব্যস্ত। আজি ১৪ ফেব্ৰুৱাৰী “ভেলেন্টাইন ডে”! এটাই মনত আশা গোলাপৰ কলি কেইটা বিক্রী কৰি মাকৰ বাবে দৰৱ কেইটা আনিব পাৰিলেই সি যেন প্ৰাপ্তিৰ হাঁহি মাৰিব I এখন বগা পলিথিনৰ ওপৰত ৰঙা গোলাপৰ কলি খিনি লৈ সি অপেক্ষাৰত গ্ৰাহকৰ বাবে I
       তাৰ লগৰেই কেইবাটাও ল’ৰাই বাইকত নিজৰ প্রেমিকাক লগত লৈ তাৰ সম্মুখেৰেই ধূলি উৰুবাই পাৰ হৈ গ’ল । দুই এজন ল’ৰাই কেইপাহ মান গোলাপ কিনি তাৰ পৰা আতঁৰিল ।
পঢ়ি-শুনি সুখ্যাতিৰে বিজ্ঞান শাখাত বি এচ চি কমপ্লিট কৰিছিল অলকেশে I ঘৰৰ আর্থিক অৱস্থাৰ বাৱে সি আজি ৰাস্তাত গোলাপৰ কলি বিক্রী কৰিছে।
     তাৰ হৃদয়ৰ গোলাপ, তাৰ প্রেমিকা “পাহিৰ”আজি জন্মদিন I অন্তিম পাহ গোলাপ তাইলৈ বুলি সযতনে ৰাখি থৈ সি যাবলৈ ওলাল ।
   হঠাৎ দৌৰি দৌৰি ভনীয়েক তৰালি আহি ক’লেহি,,, দাদা! সোনকালে ঘৰলৈ বল’ছোন মাৰ গাটো বেছি বেয়া কৰিছে? কথাটো কৈ ভনীয়েক লৰা-লৰিকৈ ঘৰলৈ উভটি আহোঁতেই বাটতে পাহীক লগ পাই মাকৰ গা বেয়া বুলি খবৰটো জনাই। 
     মইও অলকেশৰ লগত গৈ আছো তেন্তে, তুমি আগবাঢ়া বুলি খবৰটো শুনি খৰ-খোজেৰে তাই আহি চাৰিআলিটো পাৰ হ’ব লওঁতেই তীব্র-বেগী এখন গাড়ীৰ খুন্দাত তাই বহুত দূৰত পৰিলগৈ ।
       দুৰৰ পৰাই অলকেশলৈ চাই চাই দুটামান দীঘল উশাহ টানি তাই নিথৰ হৈ পৰিল।
  
    অৱশেষত !!!দিনটোৰ অন্তিম টো গোলাপৰ কলি অলকেশে তাৰ প্ৰেয়সীৰ নিথৰ শৰীৰত দি দিলেহি । আৰু ঘৰত মাকক হেৰুৱাই ভনীয়েকে হিয়া উবুৰিয়াই চকুলো টুকি বহি আছে ।
ফুলৰ কলি বিক্রী কৰি দৰৱৰ বটলটো লৈ সিঁও মাকৰ কাষত বহি পৰিল নিঃশব্দে, নিৰৱে I মাথোঁ দুগাল চকুলো বোৱায় ভনীয়েকক সাবটি সি চাই থাকিল মাকক ঢাকি ৰখা শৰীৰৰ বগা চাদৰখনলৈ,,,,,,,,,
    ভেলেন্টাইন ডে’ৰ এক কৰুণ গাথা!!!!!!!
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)