ৰাধা-তুতুমনি মাইনা দাস

Rinku Rajowar
0
ৰাধাকৃষ্ণ তাইৰ আজন্ম প্ৰমিক,কিন্তু তাই কোনো দিন  ৰাধা হ'ব বিচৰা নাছিল । ৰাধাই তাইক প্ৰভাৱিত কৰে , বিৰহলৈ তাই ভয় কৰে , কিদৰে আপোনজনক এৰি অকলশৰীয়া জীৱন কটাব পাৰে ।হাতত থকা পিতলৰ ৰাধা-কৃষ্ণৰ ৰ্মূত্তিটোলৈ তাই চায় ভাৱি ৰ'য় ।এইবাৰ প্ৰেমৰ দিৱসৰ দিনা উপহাৰ দিব অনুৰাগক । যিয়ে তাইৰ প্ৰেম যুগমীয়া কৰিব। 
ট্ৰিং ট্ৰিং কৈ ফোনৰ শব্দত তাইৰ তন্ময়তা ভাঙে । 
হেল্লো, কি কৰিছা - সিফালৰ পৰা অনুৰাগৰ মাতটো ভাঁহি আহে ।                                                          পাহী- ইনেই আঁছো । তুমি কি কৰিছা ?
অনুৰাগ - আছোঁ , আৱেলি ৪ টা মান বজাত ওলাই আহিবা ।পাহী- ঠিক আছে, আমাৰ প্ৰিয় স্থান কৃষ্ণচুড়া জোপাৰ তললৈ আহিবা ।     পাহীৰ  কৰ্মাচ কলেজৰ কাষৰকৃষ্ণচূড়া জোপাৰ প্ৰতি এক এৰিব নোৱাৰা টান আছে ।এইকৃষ্ণচূড়া জোপাৰ তলতে প্ৰথম লগ পাইছিল অনুৰাগক  ।সিহঁতৰ প্ৰতিটো খং -অভিমান , হাঁহি কান্দোনৰ  সাক্ষী এই কৃষ্ণচূড়াজোপা ।কথাবোৰ ভাবি ভাবি কেতিয়ানো গন্তব্য স্থানপালে গমেই নাপালে ।ফাগুনৰ পছোঁৱাইতাই  চুলিটাৰি আৱলি-বাৱলি কৰিছে ।হঠাৎ কাৰোৱাৰ হাতৰ পৰশত উৰিব ধৰা চুলিটাৰি ৰৈ গ'ল। ঘূৰি চায় দেখে অনুৰাগ , পাঁচ বছৰৰ আগৰ দৰেই একেই আকুলতা ,একেই মৰম দুচকুত ।
মুখত হাঁহি বুলাই তাই অনুৰাগক কৈ গ'ল- মোক নেদেখাকৈ থাকিব নোৱাৰা যদি লৈ যোৱা  তোমাৰ ঘৰলৈ একেবাৰে ।
অনুৰাগ-ভালেই আছিল তোমাক নিব পৰা হ'লে কিন্তু ।ৰৈ যায় অনুৰাগ ।
পাহী-কি কিন্তু , কি কৈ আছা তুমি !         
 অনুৰাগ-- নহয় অ,মোৰ ঘৰৰ পৰা বিয়া ঠিক কৰিছে তাকে তোমাক জনাবলৈ আহিছো । মই নিৰুপায় পাহী তুমি মোৰ জীৱনৰ ইতিবৃত্তি জানা ,মোৰ দৰে অনাথ এটাক তুলি -টালি ডাঙৰ দীঘল কৰিলে ,তেঁওলোকক মই একো মনোকষ্ট দিব নোৱাৰো, পাৰা যদি মোক ক্ষমা কৰিবা
পাহী- ইমান ডাঙৰ সিদ্ধান্ত এটা মোৰ অবিহনে তুমি কিদৰে লব পাৰিলা , মই ইমান পৰ হৈ গলো ।    অনুৰাগ---মোকো মোৰ মা-দেউতাই তেঁওলোকৰ সিদ্ধান্ত হে জনাইছিল । মই তেঁওলোকৰ  ঋন পৰিশোধ কৰাৰ এটা সুযোগ পাইছো , মোক দুৰ্বল নকৰিবা পাহী ।                 পাহী--- তুমি স্বাৰ্থপৰ হৈ পৰিছা । তুমি প্ৰতাৰক অনু , প্ৰৱঞ্চক !           
অনুৰাগ--মোক হিয়া উজাৰি গালি পাৰা ,  যি মন যায় কোৱা পাহী , মই তোমাৰ দুখী                             পাহী----  এবাৰ মোৰ কথা ভৱা অনু ,মই যে তোমাৰ বাহিৰে কাৰো হব নোৱাৰো !অনুৰাগ- মই নিৰুপায়  ,কথা দিলো পাহী চিৰদিন তোমাৰ হৈ ৰ'ম  , তুমি আজীৱন মোৰ হৃদয়ত থাকিবা ! মাঁথো আমি দুয়ো একলগ হ'ৱ নোৱাৰিম প্ৰেম মানেইতো মিলন নহয় । ৰাধা- কৃষ্ণ জানো তাৰেই উদাহৰণ নহয় পাহী।  আঁহোপাহী ।                            দুচকুৰ অশ্ৰু লুকুৱাই উভতিছে অনুৰাগ ।প্ৰৱল বেগেৰে ধুমুহা বলিছে তাৰ হৃদয়ত ,কোনেও ৰোধিৱ নোৱাৰে আজি তাক ।
পাহীয়ে একেথৰে চায় ৰ'ল অনুৰাগ যোৱাৰ ফালে।আজিযেন বাৰিষাৰ ঢল নামিছে তাই দুচকুত , উকা হাতেৰে উভতিছে ঘৰলৈ  ।অনুৰাগলৈ বুলি অনা উপহাৰটি আকৌ হাতত লৈ   মৌন হৈ পৰিল পাহী ।এটি উদাস হাঁহি ওঁঠত বিৰিঙি গ'ল ।সময়েযে দ্ৰুত গতিত ৰূপ সলাই ,কি ভাৱি ওলাই  গৈছিল আৰু কি হৈ গ'ল। উপহাৰটো আজিয়ে দিব তাই অনুৰাগক । ৰাধা- কৃষ্ণৰ  মিলন কেতিয়াও হোৱা নাছিল তথাপি আজিও সকলোৱে ৰাধা-কৃষ্ণৰ নামেকে লয় । তাই ও আজীৱন ৰাধা হৈয়ে ৰ'ৱ মাঁথো অনুৰাগৰ  বাবে কিন্তু তাইৰ অনুৰাগে  জানো  ৰুক্মিণী মৰমৰ মাজতো পাহী নামৰ ৰাধাজনীক সজীৱ কৰি জীয়াই ৰাখিব পাৰিব? ঠিক কৃষ্ণৰ দৰে।   তাই  ৰাধাৰ প্ৰেমত পৰিছে  ! আকৌ এজনী ৰাধা হ'ব মাঁথো কৃষ্ণৰ বাবে !এতিয়া তাই ৰাধা-কৃষ্ণৰ দুয়োৰে প্ৰেমিক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)