চম্পাৱতী আছিল অপৰূপ সৌন্দৰ্যৰ এক জীৱন্ত প্ৰতিমা। পাহাৰৰ নীৰৱতা যেন তাইৰ মুখমণ্ডলত ফুটিছিল, আৰু নদীৰ স্বচ্ছতা তাইৰ চকুত জিলিকিছিল। দীঘল কেশৰাশি বতাহত উৰি থাকিলে যেন ৰাতিৰ আকাশত ক’লা মেঘ ধীৰে ধীৰে বৈ গৈছিল। তাইৰ দৃষ্টি আছিল শান্ত, তথাপিও তাত আছিল এক অদৃশ্য গভীৰতা—যিয়ে সকলোৰে হৃদয় সহজেই আকৰ্ষিত কৰিছিল।
অসমৰ নগাঁও জিলাৰ চাপানলাত অৱস্থিত চম্পাৱতী জলপ্ৰপাত এক অনন্য প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক লোকবিশ্বাসেৰে সমৃদ্ধ এক প্ৰসিদ্ধ পৰ্যটনস্থলী। কাৰ্বি আংলং পাহাৰৰ উত্তৰ-পূব দিশৰ পৰা বৈ অহা এই জলপ্ৰপাতটিৰ চাৰিওফালে বিস্তৃত চাহবাগান, পাহাৰ-অৰণ্য আৰু নীৰৱ প্ৰাকৃতিক পৰিৱেশে পৰ্যটকসকলক সহজেই মোহিত কৰে।
চম্পাৱতী জলপ্ৰপাতত মূলতঃ তিনিটা কুণ্ড আছে। ওপৰৰ কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত। তাৰ পৰা কিছুদূৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ড গঢ় লৈ উঠিছে আৰু তাৰ পৰা প্ৰায় ৭৫ মিটাৰ তলত অৱস্থিত তৃতীয় কুণ্ডটো সকলোতকৈ ডাঙৰ আৰু আকৰ্ষণীয়। এই কুণ্ডসমূহৰ স্বচ্ছ জলধাৰা আৰু শিলাখণ্ডৰ সৈতে সংঘর্ষ হৈ সৃষ্টি হোৱা শব্দয়ে পৰিৱেশটো অধিক মনোমোহা কৰি তোলে।
লোকবিশ্বাস অনুসৰি মহাকাব্য মহাভাৰতৰ যুগত হংসধ্বজ নামৰ এজন ৰজাই এই অঞ্চলত ৰাজত্ব কৰিছিল। তেওঁৰ কন্যা চম্পাৱতী আছিল অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী। জনশ্ৰুতি অনুসাৰে, মাঘী সপ্তমীৰ পবিত্ৰ দিনা চম্পাৱতীয়ে এই জলপ্ৰপাতৰ তলৰ কুণ্ডত স্নান কৰিছিল। সেইবাবেই কুঁৱৰীৰ নাম অনুসৰিয়েই জলপ্ৰপাতটোৰ নাম চম্পাৱতী বুলি জনাজাত হয়। আজিও বিশ্বাস কৰা হয় যে মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পুণ্য অৰ্জন হয় আৰু ৰোগ-ব্যাধি দূৰ হয়।
আন এটা কিংবদন্তি অনুসাৰে, ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ নদী চম্পাৱতীৰ ৰূপত মুগ্ধ হৈছিল। আনফালে, শ্ৰীকৃষ্ণো চম্পাৱতীক বিয়া কৰাব বিচাৰিছিল। কিন্তু চম্পাৱতীৰ হৃদয় আছিল ব্ৰহ্মপুত্ৰৰ প্ৰতি নিবদ্ধ। সেই প্ৰেম অপূৰ্ণ থাকি যোৱাৰ বেদনাত চম্পাৱতী শিললৈ ৰূপান্তৰিত হয় বুলি লোককথা প্ৰচলিত। শিলাৰূপী চম্পাৱতীয়েই নেকি আজিৰ এই জলপ্ৰপাত—এই বিশ্বাস আজিও জনসমাজত জীয়াই আছে। আনকি বহুজনে বিশ্বাস কৰে যে ভবিষ্যতে এদিন চম্পাৱতী আৰু ব্ৰহ্মপুত্ৰৰ মিলন ঘটিব আৰু সেই দিনাই নগাঁও অঞ্চল সম্পূৰ্ণ ৰূপে জলমগ্ন হ'ব।
নগাঁও চহৰৰ পৰা চম্পাৱতী জলপ্ৰপাতৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ আৰু অসম ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ১৪৯ কিলোমিটাৰ। ব্যক্তিগত বাহনৰে যাত্ৰা কৰিলেই প্ৰায় এক ঘণ্টাত এই স্থানত উপস্থিত হ’ব পাৰি। কঠীয়াতলি-বঢ়মপুৰ-বামুণী পথ অথবা পুৰণিগুদাম গড়মূৰৰ পৰা চলচলি-বালিজুৰি হৈ চাপানলা যোৱা পথটো অধিক ব্যৱহৃত হৈ আহিছে।
জলপ্ৰপাতৰ আশে-পাশে বহুতো ঐতিহাসিক আৰু পৌৰাণিক নিদৰ্শন দেখা যায়। জীয়াজুৰি চাহবাগিচাত থকা পুৰণি তোৰণ, শনিবৰীয়া বজাৰৰ কাষৰ ৰজাদিনীয়া পুখুৰী, কন্দলি পাহাৰৰ বাদুলী খোৰোং, উদমাৰীৰ ষাঁড়সদৃশ শিল, বুঢ়া-বুঢ়ী থান, লুংচুঙৰ হদ্হদী জলপ্ৰপাত আদিয়ে এই অঞ্চলটোক অধিক ঐতিহাসিক গুৰুত্ব প্ৰদান কৰিছে।প্ৰতি বছৰেই সৰস্বতী পূজাৰ পিছৰ দিনটোত কুণ্ড মেলা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ মানুহৰ আগমন ঘটে। বিশ্বাস কৰা হয় যে সেই দিনা পুৱাই চম্পাৱতীত গা ধুলে গংগা স্নান কৰাৰ দৰে হয়। সেয়েহে বহুলোকে নৈত গা ধোৱে। ভক্তি আৰু বাণিজ্য দুয়োটা দিশৰ পৰাই এই দিনটোয়ে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰকৃতিৰ সেউজীয়া আঁচল, পাহাৰৰ বুকুত বৈ অহা জলধাৰা, পৰিভ্ৰমী চৰাইৰ কলৰৱ আৰু লোককথাৰে ভৰপূৰ চম্পাৱতী জলপ্ৰপাত নিঃসন্দেহে অসমৰ এক গৌৰৱময় প্ৰাকৃতিক সম্পদ। ই প্ৰকৃতি আৰু কিংবদন্তিৰ এক অপূৰ্ব মিলনস্থল হিচাপে সদায়েই দৰ্শক আৰু পৰ্যটকৰ মন জয় কৰি আহিছে আৰু অনাগত দিনতো থাকিব। চৰকাৰে এই প্ৰকৃতিৰ এই সৌন্দর্যক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান বনভোজকাৰী দল অথবা দৰ্শনাৰ্থী সকলেও বহু ক্ষেত্রত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে। য'তে ত'তে আৱৰ্জনা পেলাইছে। ইয়াক লৈ আমি বেছিকৈ সচেতন হ'ব লাগিব। আশা ৰাখিছোঁ অনাগত দিনত ই এক বৃহৎ পৰ্যটন স্থলীলৈ পৰ্যবেশিত হ'ব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ