সময়বোৰ বাগৰি গ’ল।এমাহ,দুমাহ…..পাঁচমাহ !কিমান আৰুএশ এবুৰি প্ৰশ্নৰ সৈতে যুঁজি থাকিব।হীৰকলৈ ফোন কৰিম নে নকৰিম ভাবি তাই সিদ্ধান্ত ল’লে এদিন তাই তাক ফোন কৰিব।কিন্তু কেতিয়া?ছয়মাহ,সাতমাহ…ফোন কৰিব খুজিও তাই ৰৈ যায়,কিজানি হীৰক এতিয়া বিবাহিত নাইবা সম্পৰ্কত আছে।গধুৰ বোজা এটা তাইৰ বুকু ভেদি পাৰ হৈ গ’ল।
গৰমৰ দিন। আবেলি অফিচৰ পৰা তনুশ্ৰী আহি অলপ জিৰণি লৈ বেলকনিলৈ গ’ল।সন্ধিয়া নামি আহিছিল।আকাশখনে বাৰে বাৰে ৰং সলাইছিল।কমলাবুলীয়াৰ পৰা কজলালৈ।হাতত ম’বাইলটো লৈ অনবৰতে মনত আমনি কৰি থকা অযুত প্ৰশ্ন লৈ লগাও নলগাও কৈ হীৰকলৈ তনুশ্ৰীয়ে বহু বছৰৰ পিছত ব্লকলিষ্টত লুকাই থকা ফোন নম্বৰটো উলিয়াই ডায়েল কৰিলে।এটা দীঘলীয়া ৰিং হ’ল।ফোনটো ৰিছিভ নহ’ল।দ্বিতীয়বাৰ তাই আৰু ফোন নকৰিলে।তথাপিও এটা ক্ষীণ আশা কিজানি সি পিছত তাইলৈ কলবেক কৰিব।ফোনটো বিছনাতে থৈ তাই ঘৰুৱা কামত লাগিল।পাকঘৰৰ কাম অটাই তাই বিছনাত বাগৰ দিলে।দুচকুত হীৰকৰ সৈতে কটোৱা প্ৰতিটো মূহূৰ্তৰ ক্ষণ মনলৈ আহিল।কি যে ক’ৰ পৰা কি হৈ গ’ল।কথাবোৰ ভাবি থাকোতেই তাইৰ কেতিয়া টোপনি আহিল গমেই নাপালে।
ৰাতিপুৱা শুই উঠি তাই প্ৰথমেই ম’বাইলটো চালে।ম’বাইলৰ স্ক্ৰীণত দেখিলে যোৱা ৰাতি ৯ ২৬ত হীৰকৰ মিছডকল।তাইৰ মনটো অলপ সময়ৰ বাবে ভাল লাগি গ’ল।ৰাতিপুৱাৰ কামবোৰ সম্পূৰ্ণ কৰি তাই অফিচলৈ ওলাই গ’ল।অফিচ গৈ পায়েই তাই হীৰকলৈ এটা সাধাৰণ মেছেজ দিলে “তোমাক কেতিয়া ফোন কৰিলে তোমাৰ সুবিধা হ’ব?”মেছেজটো দি তাই এটা স্বস্তিৰ নিশ্বাস এৰিলে।সিফালৰ পৰা একো ৰিপ্লাই নাহিল।অফিচত কামবোৰ কৰি সন্ধিয়া তাই ঘৰলৈ আহিল।কিছুসময় জিৰণি লৈ তাই পাকঘৰলৈ গ’ল!ভাতসাজ তাই মনৰ পছন্দ অনুসৰি বনাই ল’লে।সন্ধিয়া প্ৰায় ৭ ২০ মানত তাইৰ ফোনটো বাজি উঠিল।বিচনাৰ পৰা ফোনটো হাতত লৈ চাই দেখিলে হীৰকৰ ফোন।একে উশাহতে কি কওঁ কি নকওঁকৈ তাই সুধিলে, “তুমি গুৱাহাটী আহিছিলা নেকি?”
“নাই অহা!”লাহেকৈ হীৰকে ক’লে।
“তোমাৰ নিছিনা ল’ৰা এজন মই দেখিছিলো জানা।মাতো নে নামাতো একো ধৰিবই নোৱাৰিলো।আকৌ ভাবিছো তুমি বা হয়নে নহয়!”
“থাকে তেনেকুৱা দেখিবলৈ একেধৰণৰ মানুহ।আমাৰ ইয়াতো আছে,মোৰ নিছিনা দেখিবলৈ একেই”।
“অ’।পিছে তোমাৰ খবৰ কেনে?”
“আছো আপোনালোকৰ আশীৰ্বাদত”। হীৰকৰ গহীন উত্তৰ।
“আপুনি ক’লা যে মোক”?তনুশ্ৰীয়ে আচৰিত হৈ সুধিলে।
“নাই,এনেই।তুমি কেনে আছা?”
“মইয়ো আছো আৰু।পিছে বিয়া পাতিলা নেকি?” হুমুনিয়াহ কাঢ়ি তনুশ্ৰীয়ে ক’লে।
“নাইপাতা।আজি কি হাইঠা মাটিত পৰিল যে?কৌতূহলেৰে হীৰকে সুধিলে।
“নাই অ’।বহুত সময় পাৰ হৈ গ’ল।ফোন কৰিম ভাবিছিলো।কিন্তু কৰা নহ’ল।বহুত কথা ক’বলগা আছিলে।কিন্তু কোৱা নহ’ল!”উদাস মনেৰে কথাখিনি তনুশ্ৰীয়ে ক’লে।
“এবাৰো মনত পৰা নাছিল নে?”অভিমান সানি হীৰকে সুধিলে।
“পৰিছিল।কিন্তু তুমিওতো মোক এবাৰ ফোন কৰিব পাৰিলা হয় ?
“তুমি দেখোন মোক সকলোতে ব্লক কৰি দিছিলা।কেনেকৈ ফোন কৰিম তোমাক কোৱা”।
ব্লকলিষ্টৰ পৰা উলিয়াই তোমাৰ খবৰ ল’বৰ বাবেই যোৱাকালি মই তোমাক ফোন কৰিছিলোইমানদিনে মই নথকাৰ অনুভৱ কেনেকুৱা?কৌতুহ’লেৰে তনুশ্ৰীয়ে সুধিলে।
"জীৱনৰ পৰা পোহৰ আঁতৰি গ’লে জীৱন স্তব্ধ।তথাপিও ফুটবলৰ দৰে বাগৰি আছো।মনত পৰিছিল।ক'ত আছা কেনে আছা জানিবৰ মন আছিল।"
"তেনেহ'লে কিয় ফোন এটাও কৰা নাছিলা?"তনুশ্ৰীৰ সেই একেই অভিমান সনা প্ৰশ্ন।
"কেনেকৈ কল কৰিম তোমাক?সকলোতে মই দেখোন ব্লক হৈ আছিলো।তোমাৰ খবৰ ল'বৰ বাবেই ভণ্টি বাইদেও ভিনদেওৰ সৈতে যোগাযোগ কৰিছিলো।ভিনদেওক সুধিছিলো তোমাৰ কথা।উত্তৰত কৈছিল যে তাইক বুজাইছিলো।কিন্তু তাই নুশুনিলে।ইয়াৰ পিছত আৰু কি আশা লৈ তোমাক ফোন কৰিম তুমিয়েই কোৱা?"
"আচলতে হয় কথাটো।তেতিয়া মোৰ কোনো উপায়েই নাছিল।তোমাক কৈছিলো ন' No means No।যেতিয়া কোনো ফালৰে পৰা একো নহয়গৈ তোমাৰ লগত কিদৰে সম্পৰ্ক ৰাখিম?"
"বহুত দুখ পাইছিলো।ডেৰবছৰ কোনো কামতে মন বহুৱাব পৰা নাছিলো।ডিপ্ৰেছনত গৈছিলো জানানে।ৰিক'ভাৰি হওতে সময় লাগিছিল।"থোকাথুকি মাতেৰে হীৰকে কথাখিনি ক'লে।
"কোনোবা আহিছিল নেকি মই নথকা সেই সময় ছোৱাত।"
"কি বুলিনো কওঁ তোমাক।"
"কোৱাচোন "।
"এটা ৰিলেছনশ্বিপ হৈছিল ক'ভিডৰ সময়ত।এজনী ছোৱালী আছিল যোৰহাটফালৰ।যোৱা ফেব্ৰুৱাৰী মাহত ব্ৰেকআপ হ'ল।"
"কিয় কি হৈছিল অলপ খোলাকৈ কোৱাচোন।"
তাই শিক্ষয়িত্ৰী আছিল।ফেচবুকৰ জৰিয়তে ক'ভিডৰ সময়ত চিনাকি হৈছিলো।তাই মই পঢ়া কলেজ খনতে পঢ়িছিল।চিনাকি হোৱাৰ পিছতে ৰিলেছনশ্বিপ এটা গঢ় লৈ উঠিছিল।তাইৰ ডিমাণ্ড বহুত আছিল।অনলাইনত বিভিন্ন ব্ৰেণ্ডৰ মেকআপৰ বস্তুবোৰ অৰ্ডাৰ দিয়ে আৰু পেমেণ্ট মই কৰিবলগীয়া হয়।আনকি ব্ৰেকআপৰ আগদিনাও তাই মোৰ পৰা টকা বিচাৰিছিল আৰু মই দিছিলো।মোৰ পৰা আঁতৰি যোৱাৰ সময়ত তাই ঠাট্টা কৰি কৈছিল যে মোৰ হেনো বেংক বেলেঞ্চ নাই।মই হেনো অসমীয়া মাধ্যমত পঢ়া।তাই আঁতৰি যোৱাৰ পিছত মোৰ ডেৰমাহ লাগিছিল দুখৰ পৰা আঁতৰি আহিবলৈ আৰু তোমাৰ ক্ষেত্ৰত ডেৰবছৰ লাগিছিল।গুৱাহাটীলৈ গ'লে কেতিয়াবা খাৰঘূলি পাহাৰৰ ফালে চাওঁ কিজানি ক'ৰবাত তোমাক দেখা পাওঁ নেকি।বৰকৈ মনত পৰে অ তোমালে।জানানে?তুমি আঁতৰি যোৱাৰ পিছত মই বগামাটিলৈ গৈছিলো
ট্ৰেকিং কৰিবৰ বাবে।গুৱাহাটী পাৰ হৈ গ'লে মনটো ইমান বেয়া লাগে যে য'ত তুমি আছা।সেইফালেদিয়েই মই ক'ৰবালৈ যাবলগীয়া হয় গাড়ীত।আজিও এটা প্ৰশ্নই মোক বৰকৈ আমনি কৰে যে তুমি মোক এৰি যোৱাৰ সময়ত কাৰণটো কিয় কৈ নগ'লা?সেই কিয় প্ৰশ্নটোৰ উত্তৰ আজি পৰ্যন্ত নাপালো।ক'বানে মোক এতিয়া?"
"আমাৰ সম্পৰ্কটো কোনেও মানি লোৱা নাছিল তুমি জানিছিলা ন'?"
অলপমানটো ইৰ্ফট দিব পাৰিলা হয় ন?অন্তত: এবাৰ ভাবি চাব লাগিছিল যে তোমাৰ বেয়া সময়ত মই সকলো প্ৰকাৰে ইৰ্ফট দিছিলো ন'।কোনেও এবাৰ হ'লেও কোৱা নাছিল নে মোৰ কথা?আগ্ৰহেৰে হীৰকে সুধিলে।
নাইকোৱা।সেইবাবেইতো তেনেকৈ গুচি আহিব লগা হ'ল।"
"কোনেও চাপৰ্ট কৰা নাছিলনে?"
"নাইকৰা।তেনেক্ষেত্ৰত মই কেনেকৈ অবাধ্য হৈ তোমাক আঁকোৱালি ল'ম?"
"সেইটোৱেই বেয়া লাগে যে তুমি এবাৰো ইফৰ্ট নিদিলা।আমি দুয়ো একেলগে ষ্ট্ৰাগল কৰিলো হয় ন'!আজি অন্তত: আমি দুয়ো সুখী হৈ থাকিব পাৰিলো হয়।এনেদৰে আমি কষ্টত থাকিবলগীয়া নহ'ল হয়"।থোকাথুকিৰে হীৰকে কথাখিনি ক'লে।
তনুশ্ৰীৰ দুচকুয়েদি এধাৰি চকুলো বাগৰি গ'ল।
"ঘৰত সকলো ভালে আছেনে?"
"আছে,তোমালোকৰ?"
"ভালেই আছে সকলো।"
আৰু কোৱা তোমাৰ কথা।বিয়া বাৰু হ'লা নেকি?"
"মোৰ কথানো কি ক'ম তোমাক?এখন মহাভাৰতৰ কাহিনী।আজি ক'লেও শেষ নহ'ব।"
"একো নাই চমুকৈ সাৰাংশটো কোৱা।মই বুজি পাম।"হীৰকে তনুশ্ৰীক সাহস দি ক'লে।
"তোমাক শেষবাৰ ফোনটো কৰাৰ পিছত গোটেই সন্ধিয়াটো টেৰেচৰ ওপৰত বহি বহুত সময় কান্দিছিলো।কোনেও বাৰু দেখা নাছিল।তাৰপিছত সময়বোৰ তেনেকৈয়ে পাৰ হ'ল।ক'ভিড আহিল।ডিউটিৰ সময় বাঢ়ি গ'ল।২৪*৭ আমি কামত ব্যস্ত থাকিব লগীয়া হৈছিল।কামবোৰে আমুৱাইছিল।তেনেসময়তে এজন ল'ৰাৰ সৈতে মোৰ চিনাকি হয়।সি মোক ভালপাওঁ বুলি কোৱাৰ সলনি ডাইৰেক্ট বিয়াৰ প্ৰস্তাৱ দিছিল।একো নভবাকৈ কভিডৰ সময়ত মানুহৰ মৃত্যুৰ কিৰিলি দেখি জীৱন দুদিনীয়া বুলি জানিও তাৰ সৈতে বিয়াত বহিলো।প্ৰথম দুদিন ঠিকেই আছিল।তৃতীয় দিনা আমি কথা পাতি থকাৰ পিছত সি মোৰ ম'বাইলটো চাব খোজাত তাক দিলো।নেট অন কৰি সি গুগুল ফটোচত সি ফটোবোৰ চাই গ'ল।হঠাৎ তোমাৰ সৈতে মোৰ একেলগে উঠা ফটোবোৰ দেখি খঙত একো নাই হৈ ম'বাইলটো দলিয়াই দিলে।তাৰপিছৰে পৰা সি মোৰ গাত হাত উঠাইছিল,বেয়া ব্যৱহাৰ কৰিছিল আনকি মোক শাৰীৰিকভাৱে ক্ষতিও কৰিছিল।ইমানখিনি মোৰ সৈতে কৰাৰ পিছত মইনো কি সতে তাৰ লগত থাকো তুমিয়েই কোৱা?সেয়ে মই তাৰপৰা একেবাৰে আঁতৰি আহিলো।এই সকলোবোৰৰ মূল কাৰণ তুমি।তোমাক বিচাৰি সি তোমালোকৰ ঘৰলৈও গৈছিল কিজানি আমাৰ মাজত কিবা সম্পৰ্ক আছে নেকি জানিবলৈ।কিন্তু আমাৰ মাজত যে তেতিয়া একো যোগাযোগেই নাছিল।মিছামিছি সি মোক সন্দেহ কৰিছিল।বেলেগ নম্বৰৰ পৰা তোমাৰ মাত উলিয়াইও মোক ফোন কৰিছিল কিজানি মই তোমাৰ সৈতে কথা পাতো নেকি!তাৰ মাত মই চিনি পাইছিলো।সেয়ে সেইখিনিতে মই ফোনটো কাটি দিছিলো।মোৰ লগত থকা সময়খিনিত মোক অভব্য শব্দ গালি,বেয়া ব্যৱহাৰ কৰিছিল।প্ৰায় এমাহমান হে মই তাৰ লগত শাৰীৰিকভিৱে আছিলো যদিও অফিচিয়েল প্ৰচিডিঅৰ মতে দুবছৰ।এবছৰ ছেপাৰেচন আৰু পিছৰ বছৰ ডিভৰ্চ।তাৰপিছৰ পৰা তাৰ সৈতে মোৰ কোনো যোগাযোগ নাই।বৰ্তমান ক'ত আছে সেয়াও নাজানো।"
"ইচৰাম।ইমানখিনি হৈ গ'ল তোমাৰ লগত?"
"আৰু আছেই বহুতো।"
"কোৱাচোন।"
তোমালোকৰ ঘৰলৈ সি যাওঁতে তোমাৰ মাৰ সৈতে হোৱা কথোপকথন ৰেকৰ্ড কৰি আনিছিল আৰু মোক সেই ৰেকৰ্ডিংখিনি হোৱাটচএপত দিছিল।তোমাৰ মায়ে মোৰ বিষয়ে বহুত বেয়াকৈয়ে ভাবিছিল আৰু তেওঁ কোৱা কথাখিনিৰ পৰা মই স্পষ্টকৈ ধৰিব পাৰিছিলো।"
"sorry,মই মাৰ হৈ ক্ষমা খুজিছো।ৰেকৰ্ড কৰা কথাখিনি তোমাৰ লগত আছে নেকি?"
"এতিয়া নাই।ইমান বছৰৰ মেছেজ আৰু ক'ত থাকিব?সব ডিলিট হ'ল।"
"কি কৈছিল তোমাৰ মনত আছে নেকি?"
"সঠিককৈ নাই।এটা কথা তেওঁ কৈছিল যে তাই তাক ফোন কৰে।সি ৰিছিভ নকৰে।"
"কি বুলিনো তোমাক ক'ম একো উত্তৰ বিচাৰি পোৱা নাই।বাট ছ'ৰি।মই এইবোৰ অলপো গম নাপাওঁ।"
"সঁচাকৈয়ে তুমি একো গম নোপোৱা?"
"ওহো"।
"সেয়ে কথাবোৰ তোমাক জনোৱাটো উচিত বুলি মই ভাবিলো।বেয়া কৰিলো নে ভাল কৰিলো একো নাজানো।নহ'লে কাৰোবাৰ মুখৰ পৰা তুমি গম পোৱা হ'লে ছাগৈ তুমি কষ্ট পালা হয়।সেয়ে মইয়ে ক'লো তোমাক ইমানবছৰৰ পিছত।"
........
"কি হ'ল একো নক'লা যে!"
"কিনো ক'ম।মোৰ চকুপানী ওলাইছে জানানে।বহুত বছৰৰ মূৰত মই কান্দিছো।"থোকাথোকি মাতেৰে হীৰকে তনুশ্ৰীক কথাখিনি ক'লে।
"প্লিজ নাকান্দিবা।জীৱনত বেয়া সময়বোৰ আমি পাৰ কৰিব পাৰিলো বাবেই মানুহ ভাল বেয়া চিনাক্ত কৰাটো আমাৰ বাবে সহজ হ'ল।আমাৰ মাজত কোনোদিন কাজিয়া খং ৰাগ হোৱা নাছিলে।ইমান ধুনীয়া আৰু সুন্দৰ মূহূৰ্ত পাৰ কৰিছিলো।জীৱনত বেয়া সময় অহাৰ বাবেই আমি বুজি পালো যে বেয়া মূহূৰ্তইও মানুহক যথেষ্ট শিকায়।"
"এই সকলোবোৰ তোমাৰ বাবেই হৈছে।কি প্ৰয়োজন আছিল মোক এৰি যোৱাৰ?মই তোমাক কিমান ভালপাইছিলো তুমি জানা ন'।"
"মই ও তো তোমাক ভালপাইছিলো ন'।"
"যদি ভালপাইছিলাই,এৰি কিয় গৈছিলা?"হীৰকৰ গহীন প্ৰশ্ন।
"প্ৰত্যেকটো 'কিয়'ৰ উত্তৰ নাথাকে।তেতিয়া বাধ্যছাত্ৰীৰ দৰে মানি লৈছিলো আৰু মই মোক তোমাৰ পৰা আঁতৰাই আনিছিলো।"
"তোমাৰ কথাবোৰ শুনি মোৰ বেয়া লাগিছে।সি মোৰ অধিকাৰ কাঢ়ি লৈ গৈছিল!
তোমাক এটা কথা সুধিব লগা আছে।"
কোৱাচোন।
"এতিয়াও তোমাৰ তাৰ প্ৰতি আন্তৰিকতা আছেনে?"
অলপো আন্তৰিকতা নাই।একোৱেই নাই।"তনুশ্ৰীয়ে কথাখিনি চিঞৰি ক'লে।
"হ'ব বাৰু মই বুজিছো।আমাৰ অতীতৰ কথাবোৰ বাৰু তোমাৰ মনত আছেনে"?
কিয় নাথাকিব?সকলো মনত আছে।তুমি যে এবাৰ সন্ধিয়া আহি মোক ছাৰপ্ৰাইজ দিছিলা হিৰ'ৰ দৰে।এবাৰ যে মোক শ্বিলঙলৈ নিছিলা ৰাতিপুৱাতে আৰু কোনো নথকাৰ সুযোগতে এবাৰ সাৱটি ধৰিছিলা সকলো মনত আছে।"
"আমি যে কিমান ক'ত ক'ত গৈছিলো ন'!আমাৰ মাজত বহুতো স্মৰনীয় মূহূৰ্ত আছে।তুমি বাৰু জানানে মই পাহৰিব নোৱাৰা মূহূৰ্ততো"?
"নাজানো কোৱাচোন"।
"তুমি যে মোৰ লগত কাজিৰঙালৈ গৈছিলা,জীৱনৰ প্ৰথমটো চুমা দিছিলা।লাজতে আমি দুয়ো ৰঙা পৰি গৈছিলো ন'।আৰু এটা আছে।এবাৰ যে আমি চান্দডুবিলৈ গৈছিলো।তোমাক যে বগা চুৱেটাৰ টোৱে বৰ শুৱাইছিল।আছে নে নাই বাৰু সেই চুৱেটাৰটো এতিয়া।"
"আছে আছে"।উৎসাহেৰে তনুশ্ৰীয়ে ক'লে।
"ইমানবোৰ জীপাল মূহূৰ্ত আছে।সকলোবোৰেই সজীৱ হৈ আছে।বহুত মিছ কৰো সেই মূহূৰ্তবোৰ..."
"সঁচাকৈয়ে কৈছানে?"
"মই কি গান গাই আছো বুলি ভাবিছা নেকি?"
"নাই এনেই জোকাইছো অ' তোমাক।আৰু শুনানা"!
"কোৱা"!
"এবাৰ যে আমি গোৱালপাৰালৈ গৈছিলো সূৰ্যপাহাৰ চাবলৈ।আহিবৰ সময়ত ৰেলষ্টেচনলৈ যাওঁতে তাত যে এটাও মানুহ নাছিল।আকৌ বাছষ্টেণ্ডলৈ উভতি আহি গুৱাহাটী আহিছিলো"।
"আছে মনত।"
"সেই দিনবোৰ ওভতাই পাবলৈ মন যায় কেতিয়াবা"।
হয় অ' ।আমাৰ মাজত এটাই ভাল আছিল যে কোনো অসুবিধা নোহোৱাকৈ আমি পাব্লিক ট্ৰেন্সপৰ্টত গৈ ঠাইবোৰ এক্সপ্লৰ কৰিছিলো ন'।"
"কিমান যে ভাল লাগিছিল তেতিয়া।ক'ৰ পৰা যে কি দিনলৈ সলনি হ'ল ভাবিলে বহুত দুখ লাগে।"
"এইবোৰ সকলো তোমাৰ বাবেই হৈছে।তুমিহে নিজেই কষ্ট পালা আৰু মোকো কষ্ট দিলা।"হীৰকে দুখমনেৰে কথাখিনি কৈ গ'ল।
"সময় খিনিয়েই আহিছিল তেনেকুৱা।"তনুশ্ৰীয়ে সময়ক ভয় কৰি কথাবোৰ ক'লে।
"হ'ব দিয়া এতিয়া চিন্তা নকৰিবা।আৰু শুনা ভালকৈ কাপোৰ পিন্ধি অহা দামী গাড়ীত অহা মানুহক কেতিয়াও বিশ্বাস নকৰিবা কিন্তু।"
"ঠিক আছে।"
সময় তেতিয়া প্ৰায় ৰাতি ১ বাজি গৈছিল।ঘণ্টাৰ পিছত ঘণ্টা কথাৰ যেন শেষ নহয় দুয়োৰে।
"অই ১বাজিলে।আজি নোশোৱা?হীৰকে হঠাতে সুধিলে।
"ইচৰাম ইমান কথা পাতিলো গমেই নাপালো ইমান সময় হ'ল বুলি।ফোনটো ৰাখিবৰ ইচ্ছা যোৱা নাই।"
"তাকেতো।ইমান বছৰৰ পিছত কিমান কথা আছে আজিয়েই সকলোবোৰ পাতি শেষ কৰিবা নেকি?পিছলৈও থোৱা।এতিয়া শোৱা!স্বাস্থ্যৰ কথা আছে।তোমাৰ ছাগৈ কাইলৈ ডিউটি আছে।হীৰকে সচেতন নাগৰিকৰ দৰে কথাকেইটা ক'লে।
"হ'ব দিয়া এতিয়া ৰাখো"।
"ভালকৈ থাকিবা।কাইলৈ কথা পাতিম।আৰু শুনা মোক তুমি ব্লক সকলোতে খুলি দিবা।"হীৰকে অনুগ্ৰহৰ সুৰত ক'লে।
"ঠিক আছে।গুড নাইট।"
অ'কে।গুডনাইট।এইবুলি কৈ তনুশ্ৰীয়ে ফোনটো কাটি দিলে।দীঘলকৈ এটা হুমুনিয়াহ পেলাই বিচনাত তাই বাগৰ সলালে।
হীৰকক এৰি অহা দিনৰে পৰা বহুত মানসিক অশান্তিত দিন কটাইছে তনুশ্ৰীয়ে।আজি তাই হেৰুৱা সুৰৰ ছন্দ ওভোতাই পাইছে।সি যে তাইৰ বাবে এতিয়াও অপেক্ষাৰত তাই কথাবোৰৰ পৰাই বুজিলে।কথাবোৰ ভাবি থাকোতেই তাইৰ টোপনি আহিল।
পিছদিনা ৰাতিপুৱা প্ৰায় ৭ মান বজাত তনুশ্ৰীৰ টোপনি ভাগিল। শোৱাৰ পৰা উঠি তাই বিচনাৰ কাষতে থোৱা ম'বাইলটোৰ হোৱাটচ এপটো চেক কৰিলে।হীৰকৰ পৰা এটা গুডমৰ্ণিং মেছেজ।মনটো ভৰি গ'ল তাইৰ।তাইও তাক গুডমৰ্ণিং ৰিপ্লাই দিলে।শোৱাৰ পৰা উঠি ঘৰৰ ইটো সিটো কামবোৰ কৰি ল'লে।যোৱাৰাতি হীৰকৰ সৈতে হোৱা দীঘলীয়া বাৰ্তালাপ আৰু ৰাতিপুৱা এটা মেছেজে তাইৰ মনতো সজীৱ কৰি তুলিলে।ইমান বছৰে বুকুত কঢ়িয়াই লৈ ফুৰা ধুমুহাজাক শান্ত হৈ পৰিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ