ফাগুনৰ আকলোৱা মন ~ ৰাতুল চেতিয়া ফুকন

Mousumi Bhuyan
0
বসন্তৰ তপস্যাত মগ্ন
লঠঙা শিমলু জোপা,
ফাগুনৰ ফিৰফিৰিয়া 
বতাহ জাকৰ পৰশত
ৰঙা কলিজাৰ কোঁহ মেলে।
পতঙ্গ ভোজি পক্ষীৰ 
নান্দনিক নাচোনত
বুকুৰ কোনোবা খিনিত
 উকা উকা লাগে ।
লিৰিকি বিদাৰি চাওঁ
কাৰোবাৰ মৌনতাৰ চাবুকেৰে
হিয়াত আঁকি যোৱা নিসংগতাৰ চিন ।
এতিয়া কেনেকৈ উচ্চাৰণ কৰোঁ
আকলুৱা প্ৰেমৰ আৱাহনি মন্ত্ৰ ।
তোমাৰ বাবেই আছোঁ ৰৈ
হে বসন্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)