নদী আছিল
পানী হৈ বাগৰি আছিল ।
শব্দবোৰ য'ত শনিবৰীয়া
এজাক শিশুৰ গিৰিপনিত
নৈখন গাভৰু হৈছিল।
এদিন ;পলসে সামৰি থ'লে নদীক
সভ্যতাৰ আঁচোৰত প্ৰলোভিত মানুহবোৰে ,
হুৰাই দিলে ,ধক্-ধকীয়া নিজানৰ চৰাইবোৰ ।
এতিয়া, তাত গঢ় লৈ উঠিছে ,
বৌদ্ধিক বিলাসৰ
এখন ক্লান্ত চহৰ
যিয়ে জুখিব নোৱাৰে
নদীৰ গভীৰতা ,অথবা
জীৱনৰ কথা-মালিতা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ