জাৰৰ ৰাতিবোৰ সৰে
ক্লান্ত শেঁতা শেতেলিত ৷
ল’ৰালিৰ ঠেঁটুৱৈ দিনবোৰে
আকৌ উকমুকাই ঠেৰেঙা মনত ৷
নিয়ৰ চুমে সেমেকা দুগালত,
কাচিয়লি ৰ’দজাক ভাৰাক্ৰান্ত হিমত ৷
আমি নেদেখা পৃথিৱীখন
কেৱল ধোঁৱাৰ আস্বাদন ৷
হেৰাল কাহানিবাই আঁউসীৰ জোন
নিমগ্নতাৰে পাৰ হয় প্ৰতিটো ক্ষণ ৷
প্ৰতিটো প্ৰহৰত উচুপে শীতে
গলি শেষ হয় মনৰ নিজান
উকা মোৰ চোতাল ৷
দিনটোক সাৱতি
আমিবোৰে পাহৰি যাওঁ
বুকুত সৰা নিয়ৰৰ টোপাল ৷
কিমান চেঁচা হ’লে
পাৰ ভাঙে
শোকৰ সাগৰে ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ