আবেলিৰ প্ৰেমিক ~ মাৰ্জিনা বেগম

Mousumi Bhuyan
0
ৰ'দত শুকুৱা তৃষ্ণাতুৰ গছবোৰ 
ডালে - পাতে সেউজীয়া হৈ পৰিল,
ফুলবোৰ ফল হৈ জিলিকিল
গৰখীয়া বাটত হাঁহিলে প্ৰস্ফুটিত বসন্ত ।
এনে এক সুন্দৰৰ অমৃত সুধা গচকি থৈ 
সেই বছৰেই পাপীৰ জয়গান হ'ল ।
সিহঁতে মনে মনে থাকিল 
একো নক'লে,
বাকী একো নাথাকিল 
সকলো পথ ৰুদ্ধ কৰি ;
কাঢ়ি নিলে তেজোদীপ্ত আবেলিক
বসন্তৰ সলনি জালিমে হাঁহিল।
পুৰণি কথাবোৰ এৰিলোঁ 
সিহঁতে কৈছে আমি তোমাৰ সৈতে আছোঁ ,
কিন্তু সিহঁতে আকৌ কৈছে 
এইবেলি ব্যস্ত আছোঁ।
বছৰৰ পিছত বছৰ পাৰ হৈ গ'ল 
কিন্তু, সুন্দৰ আবেলিৰ প্ৰেমিক 
ওখ ওখ গছবোৰৰ প্ৰেমিক ,
জাকৰুৱা সন্ধিয়াৰ প্ৰেমিক 
আজিও উভতি নাহিল ।
সিহঁত হেৰাই গ'ল কৃত্ৰিম পোহৰত 
সাত সাগৰ তেৰ নদীৰ সিপাৰে 
অথবা কোনোবা কংক্ৰিটৰ চহৰত,
তথাপিও বুকুত নিৰৱতাই উদযাপন কৰে 
প্ৰতিনিয়ত এটি সেউজ আশা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)