ডালে - পাতে সেউজীয়া হৈ পৰিল,
ফুলবোৰ ফল হৈ জিলিকিল
গৰখীয়া বাটত হাঁহিলে প্ৰস্ফুটিত বসন্ত ।
এনে এক সুন্দৰৰ অমৃত সুধা গচকি থৈ
সেই বছৰেই পাপীৰ জয়গান হ'ল ।
সিহঁতে মনে মনে থাকিল
একো নক'লে,
বাকী একো নাথাকিল
সকলো পথ ৰুদ্ধ কৰি ;
কাঢ়ি নিলে তেজোদীপ্ত আবেলিক
বসন্তৰ সলনি জালিমে হাঁহিল।
পুৰণি কথাবোৰ এৰিলোঁ
সিহঁতে কৈছে আমি তোমাৰ সৈতে আছোঁ ,
কিন্তু সিহঁতে আকৌ কৈছে
এইবেলি ব্যস্ত আছোঁ।
বছৰৰ পিছত বছৰ পাৰ হৈ গ'ল
কিন্তু, সুন্দৰ আবেলিৰ প্ৰেমিক
ওখ ওখ গছবোৰৰ প্ৰেমিক ,
জাকৰুৱা সন্ধিয়াৰ প্ৰেমিক
আজিও উভতি নাহিল ।
সিহঁত হেৰাই গ'ল কৃত্ৰিম পোহৰত
সাত সাগৰ তেৰ নদীৰ সিপাৰে
অথবা কোনোবা কংক্ৰিটৰ চহৰত,
তথাপিও বুকুত নিৰৱতাই উদযাপন কৰে
প্ৰতিনিয়ত এটি সেউজ আশা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ