এটা দুখৰ ৰাতি~প্ৰাণজিৎ মজুমদাৰ

@admin
0
নিৰৱ আকাশৰ তলত বহি থাকোঁ মই,
তৰা আছে, তথাপিও পোহৰ নাই।
চকুৰ কোণত লুকাই থকা কিছুমান কথা,
কাকো ক’ব নোৱাৰা দুখৰ ভাষা।

নিদ্ৰা আহে, কিন্তু মন টোপনি যাব মন নাযায়,
স্মৃতিবোৰে আহি হৃদয় দুখায়।
যাক বিশ্বাস কৰিছিলোঁ প্ৰাণ দি,
সেই বিশ্বাসেই আজি দূৰ হৈ গ’ল নিঃশব্দে।

মোবাইলৰ পোহৰত মুখখন চাওঁ,
নিজকে নিজেই চিনিব নাপাওঁ।
হাঁহি থকা মুখৰ আঁৰত লুকাই,
কিমান দুখ আছে কোনে জানে ভাই?

চকুত পানী, বুকুত বিষ,
তথাপিও আশা হেৰুৱা নাই।
কাৰণ জানোঁ—এই আন্ধাৰ ৰাতিৰ পাছত,
নতুন সূৰ্য্য উঠিব পুনৰ পোহৰত।

দুখে শিকালে মোক জীৱনৰ পথ,
ভাঙি পৰিলেও নেহেৰুৱাওঁ সত্য।
এই দুখৰ ৰাতিত শপত লওঁ মই,
নিজকে শক্তিশালী কৰি আগবাঢ়িম সদায়।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)