সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। উল্লেখনীয় ভাষাসমূহ হ’ল : অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়, গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধী আৰু হিন্দী।
২০২৪ ৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে
" ফৰিংবোৰে বাটৰ কথা জানে " ৰ স্ৰষ্টা সমীৰ তাঁতীদেৱে । তেওঁ অসমৰ এজন বিশিষ্ট কবি ,কথাশিল্পী, চিত্ৰকৰ ,অনুবাদক তথা সমাজকৰ্মী। এতিয়া তেওঁৰ নামটোৱেই কবিতাৰ দ্বৰে সমীৰ তাঁতী ----প্ৰতিবাদী সত্বাৰে ভৰা এজন চিনাকি কবি।মানৱতা আৰু বিশ্বজনীন বিশালতাৰে কবিতাক সামৰি থোৱা এজন ব্যক্তি। তেওঁৰ ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিছাত জন্মগ্ৰহণ কৰে। জীৱন আৰু জীৱিকাৰ তাড়নাত তাঁতীৰ পূৰ্বপুৰুষসকলক বৃটিছ চাহ বণিকসকলে বিহৰা চাহ বাগিচালৈ চাহশ্ৰমিক হিচাবে লৈ আহিছিল। তেখতৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ'ৰ তাঁতী। কৰ্ণ তাঁতী ১৯৩৭ চনতে উৰিষ্যাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল।
সমীৰ তাঁতীয়ে শিশু অৱস্থাত প্ৰথমে ৰংতুলিকা লৈ ছবি আঁকিবলৈ আৰম্ভ কৰা কবিগৰাকীয়ে ছয় বছৰ মানৰ পৰাই শিশু মনলৈ অহা ভাৱ অনুভূতি বোৰ লিখিবলৈ স্কুলৰ বহিবোৰ ব্যৱহাৰ কৰিছিল ।তেখেতে নিজে কৈছে" প্ৰ্থমে মই ছবি অঁকাহে আৰম্ভ কৰিছিলো পিছলৈ অৱধাৰিত ভাৱে অন্তৰৰ তাগিদাত কবিতাই হৈ পৰে মোৰ জীৱন। " এক দীঘলীয়া সংগ্ৰাম আৰু সংঘাতৰ মাজেদি শিক্ষাজীৱন অতিক্ৰম কৰা তাঁতীদেৱৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিএজন উৰিয়া শিক্ষাগুৰুৰ ওচৰত। এবছৰমান পিছত তেখেতে বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেখেতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৮৩ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।
১৯৮০ চনত তেখেত লিলিবন কলিতাৰ লগত বিবাশপাশত আবদ্ধ হয়।
১৯৭৯ চনত 'নাগৰিক' কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। বৰ্তমানলৈকে সমীৰ তাঁতীৰ বাৰখন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনূদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেখেতৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বিষয়া হিচাপে কৰ্মৰত তাঁতীৰ প্ৰকাশিত কাব্য-সংকলনকেইখন হ'ল-----
১. যুদ্ধভূমিৰ কবিতা (১৯৮৫)
২. শোকাকুল উপত্যকা (১৯৯০)
৩ .অত্যাচাৰৰ টোকাবহী (১৯৯৩)
৪. সেউজীয়া উৎসৱ (১৯৯৪)
৫ .বিষয় দুৰ্ভিক্ষ (১৯৯৪)
৬ .এই আন্ধাৰ এই পোহৰৰ তন্ময়তা (১৯৯৮)
৭ .কদম ফুলাৰ ৰাতি (২০০১)
৮ . বিষাদ সংগীত (২০০৪)
৯ .তেজ আন্ধাৰৰ নাও (২০০৬)
১০. কায়াকল্পৰ বেলা (২০১৩)
১১ .যাওঁগৈ ব’লা
১২. ফৰিংবোৰে বাটৰ কথা জানে (২০২১ ) আদি।
কবিতাৰ উপৰি চিত্ৰশিল্পৰ চৰ্চাত আগ্ৰহী তাঁতীয়ে অনুবাদ কৰা ‘কাফ্ৰি কবিতা’ (১৯৮৭) নিগ্ৰো কবিতাৰ সংকলন। ‘সময় শব্দ সপোন’ (১৯৯৬) আৰু ‘ঈশ্বৰ আবৰ্জনা আৰু পতিতালয়’ (১৯৯৮) তেওঁৰ প্ৰকাশিত দুখন গদ্য-সংকলন।তেজ আন্ধাৰৰ নাও তেখেতৰ স্বনিৰ্বাচিত কবিতাৰ সংকলন৷ তদুপৰি তেখেতে ‘দেশ বিভাজনৰ গল্প’ আৰু এন্ধাৰে গৰকা সময়’ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে৷
পাবলো নেৰুদাৰ পৰা আৰম্ভ কৰি আফ্ৰিকান আৰু লেটিন আমেৰিকান বহু বিশিষ্ট কবিৰ পৰা গভীৰ ভাৱে প্ৰভাৱান্বিত হোৱা কবি তাঁতীদেৱে কয় ---"মই অতি সহজে তেওঁলোকৰ সৈতে একাত্মবোধ কৰিব পাৰো।তেওঁলোকেও আমাৰ দ্বৰে ঔপনিৱেশিক শাসন আৰু শোষণত জৰ্জড়িত হৈ তাৰ পৰা মুক্তিৰ বাবে সংগ্ৰাম কৰিবলগিয়া হৈছিল।
সেয়েহে
তেওঁ জানে ফৰিং বোৰৰ কথা। তেওঁ চিনে বাট-পথে জপিয়াই ফুৰা ফৰিং বোৰ। আত্ম উপলব্ধিত জাগ্ৰত হোৱা চেতনাত শব্দৰে বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰে। সেয়ে তেওঁ মন গ'লে লিখে কবিতা। নতুবা ৰং তুলিকাৰে আঁকে পৰিবৰ্তনৰ ছবি।
১৯৮৭ চন মানৰে কথা। উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্য ভ্ৰমণৰ বাবে গৈছিল।
বাটে-পথে বহু ঘটনাৰ সাক্ষী হৈছিল। সেই অভিজ্ঞতাবোৰ তেতিয়াই টুকি ৰাখিছিল। যিবোৰ কবিতাৰ দৰেই আছিল। বহু বছৰৰ পাছত তাৰ আধাৰতে লিখি পেলাইছিল- ''ফৰিং বোৰে বাটৰ কথা জানে''।
২০২১ চনত প্ৰকাশ পাইছিল তেওঁৰ সেই কাব্য সংকলন। ২০২৪ ৰ ১৮ ডিচেম্বৰত আহিল সেই সুখবৰটো । আকৌ কবিতাই জগত জিনাৰ খবৰ। সাহিত্য অকাডেমী সন্মান যচা হৈছে ''ফৰিং বোৰে বাটৰ কথা জানে''ৰ স্ৰষ্টা কবি সমীৰ তাঁতীলৈ।
স্বীকৃতিয়ে তেওঁক চুই যাব নোৱাৰে। তথাপিও এটা ভাল লগা খবৰ হৈ এই স্বীকৃতিয়ে তেওঁক প্ৰেৰণা দিয়ে। তেওঁতো যুদ্ধ ভূমিৰ কবিতা লিখা মানুহ। সেই তেতিয়াই 'বুধবাৰ'ত তেওঁ লিখিছিল 'দিনলিপি'।
৬ নৱেম্বৰ ১৯৯১ ৰ সংখ্যাৰ 'বুধবাৰ'। পৃষ্ঠা আছিল ৭।'২৮ আগষ্ট ১৯৯১' ৰ উপ শিৰোনামেৰে দিনালিপিত তেওঁ লিখিছিল- ''য'ত ন্যায় দমনৰ মাজেদি অদৃশ্য হৈ যায় তাত আত্ম সমৰ্পণ বা আপোচৰ প্ৰশ্ন নুঠে। এই অতি আৰু অস্তিত্বৰ সংকটে শ্ৰম আৰু সংগ্ৰামৰ জয়গান এক নতুন অদ্ভুদয়ৰ আশ্বাস। সেই বাবেই ইতিহাসে বাৰে বাৰে সংগ্ৰামী মানুহক প্ৰণাম কৰে।''
এয়াই আছিল তেওঁৰ দৰ্শন আৰু আদৰ্শ। নীৰৱতাৰ মাজেৰে একোটা অদৃশ্য বাটেৰে কবিতাক সহজ, সৰল কৰি লৈ তেওঁ যাত্ৰা কৰে। নৈৰাশ্যই অহা-যোৱা কৰিলেও তেওঁ হতাশ নহয়। কবিতাক সহজ সৰল কৰি লৈ তেওঁ আগবাঢ়ে, আৰু আগবাঢ়ি আছে।
তেওঁ শুনে শোষিত জনসাধাৰণৰ মনত সঞ্চিত বেদনাৰ প্ৰতিধ্বনি। তেওঁ দেখে এই নীৰৱতাই সৃষ্টি কৰা নিসংগতা বোধত জী উঠা বাসনা আৰু প্ৰতিৰোধৰ ক্ষমতা। অসহনীয় মানসিক যন্ত্ৰণা লৈয়ো তেওঁ ক'ব পাৰে কবিতাৰ মাধ্যমেৰেই কোনোৱে নোকোৱা বহু কথা।
অদৃশ্য ভয়ে তেওঁক ভয়াতোৰ কৰিব নোৱাৰে। আধুনিক সভ্যতাৰ সংকটে তেওঁৰ শিপা চিঙি দিব নোৱাৰে। তেওঁৰ দেহ-মন, চিন্তা, চেতনাত গভীৰতাৰ স্পৰ্শ আছে। নিয়মৰ জটিলতাই তেওঁক বান্ধি ৰাখিব নোৱাৰে।
শোকাকুল উপত্যকাত তেওঁ জীৱনৰ ঠিকনা নেহেৰুৱায়। তেওঁ জীৱন সম্ভাৱনাৰ মাজেৰে উদযাপন কৰিব খোজে। এইবোৰ কাৰণে তেওঁ পৃথক। তেওঁ এই সম্ভাৱনা আৰু ভৱিষ্যতৰ কথা হোমেন বৰগোহাঞি য়ে কেতিয়াবাই কৈ গৈছিল।
তেওঁ ৰ কবিতাৰ সংকলনৰ নামবোৰো একো একোটা আশাৰ পোহৰ ছটিয়াই দিয়া চাকি। কিমান আশাবাদী হ'লে ক'ব পাৰে ''ক'ৰবাত লগ পাম এদিন''। বিগলিত প্ৰাৰ্থনা তেওঁৰ কবিতাৰ ভাষা।
আনন্দ আৰু বেদনা তেওঁৰ বাবে বৈভৱ। বিষাদৰ সংগীতত সময়ৰ শব্দৰ সপোন ধৰি ৰাখিব পাৰে এইজন কবিয়ে। 'কদম ফুলা ৰাতি তেওঁ সাৰে থাকে' আৰ্তজনৰ কথা ক'বলৈ। তেওঁৰ বাবে কবিতা কেৱল শব্দ আৰু অনুভৱৰ বুৰবুৰণি নহয়। তেওঁৰ হৃদয়ৰ অন্তঃকোণত নীৰৱে কঢ়িয়াই ফুৰিছে চাহগছ আৰু শিৰীষ তলৰ মাটিৰ সুবাস,।
তেওঁৰ কবিতাত থাকে প্ৰতিবাদ আৰু মানৱতাৰ সুৰ। কিন্তু তেওঁৰ ভাষা সংযত আৰু বলিষ্ঠ। কায়াকল্প বেলা তেওঁৰ কাব্য চেতনাত জীপাল হৈ উঠোতে আধুনিকতাৰ পৰশ লাগি মানৱতাত পৰাজয় হোৱা কথাবোৰ তেওঁ তুলি ধৰিছিল।
তেওঁ স্বাধীন পৰিভাষাৰে সামৰি লোৱা চেতনাবোৰ প্ৰতিফলিত হৈছিল সেই সময়ত। সমাজ-ৰাজনীতি-অৰ্থনীতি আদি সকলো দিশতে তেওঁ সচেতন।
তেওঁক হতাশ নকৰিলেও সাম্প্ৰতিক সময়ৰ পৰিবেশে চিন্তিত কৰি তোলে। সৰুৰে পৰাই প্ৰচুৰ অধ্যয়নশীল আৰু সমাজৰ প্ৰতি সচেতন এক মনৰ গৰাকী আছিল তাঁতী ডাঙৰীয়া।
হোমেন বৰগোহাঞি দেৱৰ কিতাপ বোৰে তেওঁক গভীৰভাৱে আকৰ্ষণ কৰিছিল। হোমেন বৰগোঁহাইৰ সম্পাদনাত প্ৰকাশিত 'সাদিনীয়া নাগৰিক'ৰ চাকৰিটোৱেই তেওঁৰ প্ৰথম চাকৰি আছিল। তাত তেওঁ উপ-সম্পাদক ৰূপে কাম কৰিছিল।
ইয়াৰ পাছত তেওঁ বহু কেইটা কামতেই যোগ দিছিল। 'দ্য ছেণ্টিনেল' কাকতৰ আৰ্হি কাকত চাওঁতাও হৈছিল। শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা হৈছিল। খানাপাৰা গণেশ মন্দিৰৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী পঢ়াইছিল।
তথ্য আৰু জনসংযোগ বিভাগৰ অনুবাদকৰ কামো কৰিছিল। শেষত তেওঁ যোগ দিছিল অসম চৰকাৰৰ পৰ্যটন বিভাগত। তাৰ পৰাই তেওঁ জ্যেষ্ঠ বিষয়া হিচাপে অৱসৰ লৈছিল। তেওঁ চৰ্চা কৰিছিল কবিতা, আঁকিছিল ছবি।
সমীৰ তাঁতী- ৯০ ৰ দশকৰ অসমীয়া কবিতাৰ এক পৰিচিত নাম হৈ পৰিছিল। কিন্তু প্ৰথমটো কবিতা তেওঁৰ ১৯৭৯ চনতেই প্ৰকাশ পাইছিল। তাৰ পাছত মূলতঃ কবিতা তেওঁৰ সৃষ্টিশীল কৰ্মৰ অন্যতম মাধ্যম হৈছিল।
হাতত কলম তুলি লৈ নিৰ্ভয়ে বহু কথা লিখিছিল। ''য'ত আমি কোনো দিনেই নাছিলো/ য'ত আমি কোনো দিনেই নাথাকিম/ তাতেই সোঁৱৰিম/ দুয়ো দুয়োকে একেলগে'' - এয়া তেওঁৰ কবিতাৰ ভাষা।
এক নিৰ্দিষ্ট সময়, এক নিৰ্দিষ্ট ইতিহাস আৰু এক নিৰ্দিষ্ট উৎপাদন ব্যৱস্থাৰ সৃষ্টি বুলি নিজকে অভিহিত কৰা সমীৰ তাঁতী সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা তৰণ প্ৰজন্মৰ এগৰাকী উল্লেখযোগ্য কবি। আশা আৰু হতাশাই বেদনাহত কৰা চৌপাশৰ সমাজখনৰ উত্থান-পতন, তাৰ মানুহখিনিৰ হৰ্ষ-বিষাদ, দ্বন্দ্ব- সংঘাত, প্ৰেম-অপ্ৰেমৰ বলিষ্ঠ প্ৰকাশ সমীৰ তাঁতীৰ কবিতাৰ সৌন্দৰ্য।শোকাকুল উপত্যকাৰ কবি সমীৰ তাঁতীৰ কাব্যসৃষ্টিসমূহৰ সমালোচনাত্মক আলোচনা অথবা বিশ্লেষণ সমালোচকসকল হৈছে ড°হীৰেন গোহাঁই , আনন্দ বৰমুদৈ আৰুঅৰিন্দম বৰকটকী আদি। অসমৰ বিশিষ্ট সমালোচক আৰু বুদ্ধিজীৱী ড° হীৰেন গোহাঁই দেৱে কৰা মন্তব্য উল্লেখযোগ্য । তেখেতে কৈছে -- সত্তৰ দশকত যিটো প্ৰজন্মই অসমীয়া সাহিত্যত প্ৰৱেশ কৰিলে , তাৰ ভিতৰত নিঃসন্দেহ সমীৰ তাঁতী শীৰ্ষ স্থানীয় কবি সকলৰ ভিতৰত অন্যতম । তেওঁৰ ভাষাত বলিষ্ঠতা তথা সাৱলীলতা , ব্যঞ্জনাৰ ঘনত্ব আৰু অনুভূতিৰ ইন্দ্ৰিয়গ্ৰাহ্য বাস্তৱতা আমাৰ সমসাময়িক কাব্যজগতৰ বিস্ময় । উপমাৰ সুদূৰপ্ৰসাৰী বিস্তাৰ আৰু ছন্দৰ অপৰিসীম বৈচিত্ৰ্যৰে তেওঁৰ জীৱন ৰ বিভিন্ন দিশত আৰু স্তৰত অন্বেষণ চলাইছে আৰু পাঠকক দিছে অবিস্মৰণীয় উপলব্ধি।এক বিন্দুতে স্থানু হৈ নৰৈ জীৱন আৰু অনুভতিৰ দাবিত তেওঁৰ কাব্যই বিভিন্ন পৰিবৰ্তনৰ মাজেদি আগবাঢ়িছে। কবি তাঁতীৰ সম্পৰ্কে সপ্তদশকৰ কণ্ঠস্বৰ শীৰ্ষক উত্তৰ স্বাধীনতা যুগৰ শ্ৰেষ্ঠ অসমীয়া সংকলক আৰু সম্পাদক , প্ৰসিদ্ধ সমালোচক আনন্দ বৰমুদৈ ডাঙৰীয়া দেৱে লিখিছে ----- শোষণ , অন্যায়-অনীতি , মানৱীয় মূল্যবোধৰ পতন , স্খলন আদিত উদ্বিগ্ন এই কবি গৰাকীৰ কবিতাত প্ৰতিবাদৰ সুৰ যিদৰে তীব্ৰ , মানৱীয় মূল্যবোধৰ ওপৰত আস্থাও সুদৃঢ় । দেশ - বিদেশৰ কবিতাৰ অধ্যয়ন আৰু অনুবাদে কবিৰ কাব্যভাৱনাক সুগঢ়ী কৰি তুলিছে।
সমীৰ তাঁতীয়ে ভূপালত ১৯৮৭ চনত অনুষ্ঠিত ভাৰতীয় কবিতাৰ প্ৰথম ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে। তাৰপিছত ১৯৮৮ চনত ভূপালত অনুষ্ঠিত ভাৰতীয় যুৱ লেখক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই বছৰেই এছিয়া কাব্য মহোৎসৱত যুৱ পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে।২০০৭ চনত তেখেতে নতুন দিল্লীত অনুষ্ঠিত 'ছাৰ্ক' লেখকৰ সন্মিলন আৰু ২০০৮ চনত কলকাতাত অনুষ্ঠিত বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই, নতুন দিল্লী, কলকাতা, পাটনা, ভুৱনেশ্বৰ, কোনাৰ্ক আদি ঠাইত সাহিত্য অকাডেমিয়ে আযোজন কৰা বিভিন্ন সন্মিলনত তেখেত স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে।
২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা "যুদ্ধ ভূমিৰ কবিতা" কাব্যগ্ৰন্থৰ বাবে লাভ কৰে। এই বঁটাৰ ঘোষণা হোৱাৰ পিছত তেখেতে ব্যক্ত কৰে যে "এয়া চাহ বাগিছা, অসমৰ সাধাৰণ শ্ৰমিক কৃষকৰ প্ৰতি যঁচা এক সন্মান।" শেহতীয়াকৈ তেখেতক পশ্চিম বংগ চৰকাৰৰ বাংলা একাডেমীয়েও সম্বৰ্ধনা জ্ঞাপন কৰে।২০২৪ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেখেতে ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
চাহ জনগোষ্ঠীয় লেখকৰ সবাতোকৈ অধিক গ্ৰন্থ প্ৰকাশিত হোৱা প্ৰতিবাদি কণ্ঠৰ কবি সমীৰ তাঁতী কেৱল জনগোষ্ঠীটোৰ মাজতেই অমূল্য ৰত্ন হিচাপে উজ্জ্বলি থকা নাই , সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতৰো এগৰাকী উজ্জল নক্ষত্ৰ হিচাবে চিৰ ভাস্বৰিত হৈ থাকিব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ