বুজাব নোৱাৰোঁ যে মনকে
কমুৱা তুলাহৈ মন,
উৰা মাৰে ঐ ৰহেদৈ।
জেতুকা বুলুৱা হাতে ঐ ৰহেদৈ
তেজ ৰঙা মনকে বান্ধে কেনেকৈ
সপোন নে দিঠক ঐ ৰহেদৈ
আকলুৱা মনে ঐ বিচাৰে
সজাব ঘৰখন তোমাকলৈ ।
ভালপাই সখী ঐ
তোমাক কৰিছোঁ ৰচনা
মোৰ উজাগৰী ৰাতিৰ গানত
সখী ঐ তোমাৰেই ছবি আঁকো ।
যেতিয়া শৰৎ কঁপে
শেৱালীৰ চুমা পৰশত
ৰহেদৈ মোৰ নয়ন ভৰে
সেই গোপন গানৰ সুৰত ।
শুকান ঘাঁহত নিয়ৰৰ টোপাল
তুমি দিনৰ পথিক সখী
সেয়ে দেখা জীৰ্ণ পথাৰ
মই ৰাতিৰ পথিক সখী
নিয়ৰৰ গানটি উচুপে মোৰ কোলাত ।
সখী…..
সেইদিনাৰ দৰে
আৰু অলপমান কাষত বহা
শৰতৰ গানবোৰ গাই যোৱা
নিয়ৰ পৰিব , উমান বাঢ়িব
আমাৰ প্ৰেম গভীৰ হ’ব।
সখী ঐ
আজি গধূলি লগন
আকাশত বাদল নাচিব
বুকুত মাদল বাজিব ।
লাহে লাহে সন্ধিয়া নামিব
জোনৰ পোহৰত অন্ধকাৰ মুচিব
মই দাগী হ’ম তোমাৰ প্ৰেমৰ দাগত।
বহু কথা কম কাণে কাণে
ৰূপেৰে নুভুলাওঁ তোমাক
গুণেৰে ভুলাম।
তুমিও গানেৰে ভুলাবা ।
গোপন কথাটি নৰয় ঐ সখী
মোৰ ভীৰু বাসনাৰ অঞ্জলিত
আঁকি যায় নিশাৰ সপোন আয়োজন ।।
✍️ অজয় দাস
১৬/০১/২০২৪

ধন্যবাদ 🙏
ReplyDelete