আজি কালি এই যান্ত্ৰিকতাৰ সুবিশাল পৃথিৱীখনত শিশুৰ পৰা বৃদ্ধলৈকে ম’বাইল ফোনটোক যেন মনোৰঞ্জন ল’বলৈ সকলোৱে ব্যৱহাৰ কৰে ৷ কাৰন ম’বাইল ফোনটো মানুহৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অবিচ্ছেদ্য অংগ হৈ পৰিছে ৷ গাঁৱে-ভূঞে , নগৰে-চহৰে প্ৰায় সকলোতেই ৯৫ শতাংশ লোকেই নিশাৰ এন্ধাৰত টোপনি অহাৰ আগমূহূৰ্তলৈকে ম’বাইল, টি.ভি , কম্পিউটাৰ, লেপটপ ইত্যাদি ইলেক্ট্ৰনিক গণ মাধ্যমবোৰ চায় সময়বোৰ অতিবাহিত কৰে , আৰু পুৱা উঠিয়েই নিজৰ কৰ্মময় জীৱনৰ গুৰুত্বপূৰ্ণ সময়সূচীৰ লগত ওতপ্ৰোতভাবে জড়িত হৈ প্ৰথমেই শুই থকা বিচনাখনৰ পৰা উঠাৰ লগে- লগে হাতত টুটপেষ্টটো আৰু ম’বাইল ফোনটোক লৈ জীৱনৰ সংগী হিচাপে ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পাওঁ ৷
বৰ্তমানৰ সমাজ ব্যৱস্থাত যদিও ইন্টাৰনেটৰ ব্যৱহাৰ যথোচিত ভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ কিন্ত তথাপিও টিভি বা স্মাৰ্ট ফোনৰ দিশত আমি চিন্তা চৰ্চা কৰি চালে ইয়াৰ ভাল গুন আৰু বেয়া গুন সমূহৰ কথা নিশ্চয় জানিবলৈ পাৰো ৷ আপুনি আৰু মই ?
এই বিষয়ে সু সম্ভৱ কিছু সংখ্যাক দৃষ্টি নিক্ষেপ কৰিলে ৷ ই বিভিন্ন ক্ষেত্ৰত আমাৰ মাজত ক্ৰমান্বয়ে ম’বাইল ফোনৰ নিচাৰ প্ৰভাৱটো পৰিছে ৷ সেয়েহে আমি প্ৰকৃততে আমাৰ মনৰ বৌদ্ধিক চিন্তাধাৰাবোৰক অতি সুক্ষ্মভাৱে বিচৰা বিবেচনা কৰি চায় ম’বাইল ফোনৰ উচিত ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্যৰাখি ভাল গুনবোৰক অতিসোনকালে তাপৰ্য্য সমূহক ফলপ্ৰসূ কৰি তুলিব পাৰিলে ৷ নিশ্চয় উঠি অহা নতুন প্ৰজন্মক আমি ইয়াৰ ভাল আৰু বেয়া দিশটোক আঙুলিয়াই দিব পাৰিম তেতিয়া হ’লে ৷
এই আধুনিক সভ্যতাত যিটো পৰ্যায়ত ইতিমধ্যে স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ পৰিসৰৰ মাত্ৰা অত্যন্ত বেছি হোৱা পৰিলক্ষিত হৈছে ৷ কিন্ত ইয়াৰ কু প্ৰভাৱবোৰক বুজাই দিব পাৰিলে ৷ ইয়াৰ জৰিয়তে অকনমান হলেওঁ সহায়ক হ’ব। আমি যেতিয়া নিশাৰ টোপনিৰ মায়াজালৰ পৰা পৰিত্ৰাণ পাই পুৱাৰ ভাগত সূৰ্য্যটি দোকমোকালিতেই শুই উঠো কিন্ত তৎক্ষণাত ভাল খবৰ বাতৰিবোৰ শুনা পালে মনত আনন্দিত হওঁ গতিকে কিবা নতুন দৃশ্য পট বা সেউজীয়া গছ-গছনিৰে ভৰপূৰ মনোৰম ঠাই সমূহক দেখিলেও গোটেই দিনৰ দিনটো হৃদয়ৰ শেথেলীত যেন ভাষাৰে নিজকেই বুজাব নোৱাৰা হওঁ আৰু আনন্দ ফূৰ্তিৰ মাজত নিৰ্বিকাৰ হৈ পৰো ৷৷

সুন্দৰ
ReplyDelete