মিছ দুৱৰা,,,,,,
মিছ দুৱৰা,,,,,,,
যদিওবা অবৈধ প্ৰেমিক
এই অখ্যাত কবি
তথাপিও,,,,,,
তুমি হীনতাত এই নষ্ট কবিয়ে
ৰচে এটা বিখ্যাত সপোন
তুমি হীনতাৰ কাবানত
এই অখ্যাত কবিয়ে
তোমাৰ নামতে ৰচে এটি বিখ্যাত গান
ৰচে এটি বিখ্যাত কবিতা
যদিওবা অবৈধ প্ৰেমিক মই
মিছ দুৱৰা,,,,,,
মিছ দুৱৰা,,,,,
প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত পৰি
এই নষ্ট কবিৰ কলমত সৃষ্টি হয় এটি নব্য সুৰ
যদিওবা অবৈধ প্ৰেমিক মই
মিছ দুৱৰা,,,,
তথাপিও
জীৱনৰ তিতা-কেহা
জ্বলা-পোৰা ক্ষোভ
পৰিত্যাগ কৰি
প্ৰতি দিন প্ৰতি পুৱাই
তোমাৰ নামতে লভে
এই নষ্ট কবিয়ে
এটি নব্য জীৱন
মিছ দুৱৰা,,,,
সময় উলিয়াই আহিবা এদিন
অৰুণাচলৰ ঝৰ্ণা চাব
যদিওবা তুমি ব্যস্ত মানু্হ
তথাপিও,,,,
ব্যস্ততাৰ মাজতো সময় উলিয়াই
আহিবা এদিন
মিছ দুৱৰা,,,,
তাৰেই তলতে খুলিম
তোমাৰ নামতে
অবৈধভাৱে হ'লেও
এখনি সৰু ৰেষ্টোৰেণ্ট
দি প্লাচ চি
দুৱৰা এণ্ড চেতিয়া।।
কেতিয়াবা মোৰ ঘৰৰ কাষেৰে গ'লে চাই যাবা
মিছ দুৱৰা,,,,,
পিতাই সজোৱা সপোনৰ সৰু পঁজাটিৰ
চৌপাশৰ ৱালত
লিখা থাকিব
দি প্লাচ চি
দুৱৰা এণ্ড চেতিয়া
যদিওবা মই তোমাৰ অবৈধ প্ৰেমিক
তথাপিও,,,,,
কুশলে থাকিবা তুমি
মিছ দুৱৰা,,।।

Awesome 👌🏻
ReplyDelete