সেই পূৰ্নিমা ৰাতিৰ কথাটি।
মই ৰৈ আছিলো আঁহতজোপাৰ তলত,
জোনাকে আৱৰি ধৰিছিল চৌদিশে।
তুমি আহিছিলা এচাটি মলয়া হৈ,
লাহী চুলিটাৰিৰে মোৰ মুখ ঢাকি দিছিলা।
তোমাৰ তপত ওঁঠৰ পৰশত হীমসনা মোৰ দেহটো ঘামি উঠিছিল,
লাহে লাহে গোটেই শৰীৰ মিলি গৈছিল তোমাৰ কোমল দেহৰ ওপৰত...
তাৰ পিছত...
তাৰ পিছত যেন সময়ই ৰৈ গৈছিল।
তুমি মোৰ কাণত ফুচফুচালা,
এটা গোপন কথা,
যি কথা আজিও মোৰ হৃদয়ত স্পন্দিত হয়।
তুমি কৈছিলা,
"এই ৰাতিতো কেতিয়াও নাপাহৰো,
এই জোনাক, এই মলয়া,
আৰু আমি...
এই মুহূৰ্তবোৰ চিৰদিনৰ বাবে মোৰ হৃদয়ত জীয়াই থাকিব।"
মই তোমাৰ চকুলৈ চাই থকাৰ লগে লগে,
তোমাৰ চকুৱেও কৈছিল এটা কথা,
যি কথা শব্দত নাই,
কিন্তু অনুভৱ আছে।
তুমি মোৰ ওচৰত থাকিবলৈ বিচাৰিছিলা,
এই জোনাকৰ নিচিনাকৈ,
এই মলয়াৰ দৰে,
চিৰদিনৰ বাবে।
সেই ৰাতিৰ পৰা মোৰ জীৱনত এটা সোণালী অধ্যায় আৰম্ভ হৈছিল।
তুমি আৰু মই,
এই পৃথিৱীখনৰ যেন একোটা অংশ হৈ পৰিছিলো।
কিন্তু আজি...
আজি সেই পূৰ্নিমা ৰাতিৰ স্মৃতিবোৰ মাথোঁ এটা সপোন হৈ ৰৈছে।
তুমি নাই,
কিন্তু তোমাৰ স্মৃতিয়ে মোক জগাই ৰাখিছে।
মনত আছেনে তোমাৰ...
সেই পূৰ্নিমা ৰাতিৰ কথাটি ?

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ