দান-মৃন্ময় কলিতা

©Admin
0
অষ্টম শ্ৰেণীৰ ছাত্র শংকৰৰ মনটো আজি উগুল থুগুল । ৩ দিনৰ মূৰত ভাত পাইও খাব পৰা নাই।

"বাবা কি হ'ল খা, কাইলে বা পাওঁ নে নেপাওঁ।"

"মা DC মেমে আজি সাহায্যৰ টোপোলাটো সকলোৰে হাতত দি কিয় ফটো তুলিব লাগে? সাহায্য দিছে বুলি টো সকলোৱে জানে!"

"তাতে নো কি হ'ল, ধনী মানুহবোৰে সহায় কৰিলে ফটো মাৰি থয়েই সেই মোবাইলটোত দিবলৈ ।"

"দুখীয়া হ'ব পাৰোঁ, সহায়ৰ বাবে হাত পাতিব পাৰোঁ! আমাৰ জানো হাত পাতিবলৈ বেয়া নালাগে, উপায় নাই দেখিহে। সিহঁতে চ'চিয়েল মেডিয়াত আপলোড কৰি মানুহৰ বাঃ বাঃ ল'ব এনেকৈ আমাৰ জানো বেয়া নালাগে? আমাৰোটো স্বাভিমান আছে।"

"কোনে কৈছে বাবা, দুখীয়াৰ স্বাভিমান নাথাকে নহয়!"

মাকৰ কথাষাৰ শুনি ভাত নোখোৱাকৈ উঠি গ'ল শংকৰ । আনফালে মাকৰ চকুলো টোপা টোপে ভাতৰ কাঁহীত পৰিল!
হে প্রভু!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)