সাহসী সৌন্দৰ্য্যৰ এক কাহিনী
এক অকথিত অনুকম্পা ।।
তৰাৰ দৰে জিলিকি থকা
তাইৰ দৃষ্টিত
প্ৰেমৰ উষ্ণতা ।।
গুমৰাগৰ সুৰত
ভাঁহি অহা
লৃগাঙৰ নিশাচৰ ৰাতিটো
পাৰ হৈ,
সূৰ্যোদয়ত সাৰ পাই
শিমলুবুলিয়া
তাইৰ মাতাল হাঁহিটো ।।
প্ৰতিটো হাঁহিতে
এখন মৰমীয়াল হৃদয় ।।
ৰাতিপুৱাৰ ৰ'দ
ধৰি ৰখা এখন মুখ ।।
তাইৰ হাঁহিত
তেতিয়াও উৰি থাকে
নিশাৰ তৰাবোৰ ।।

সুন্দৰতম প্ৰচেষ্টা।
ReplyDeleteএক প্ৰত্যাশিত জীৱনবোধৰ গভীৰতা লৈ গোটৰ সমুহ লেখক -লেখিকা আৰু সুধিবৃন্দলৈ আন্তৰিক শুভ কামনা জনালো।
ReplyDelete