মাতাল হাঁহিটো -পলাশ শৰ্মা

©Admin
2
প্ৰতিটো খোজত 
সাহসী সৌন্দৰ্য্যৰ এক কাহিনী 
এক অকথিত অনুকম্পা ।।
তৰাৰ দৰে জিলিকি থকা 
তাইৰ দৃষ্টিত 
প্ৰেমৰ উষ্ণতা ।।
গুমৰাগৰ সুৰত 
ভাঁহি অহা 
লৃগাঙৰ নিশাচৰ ৰাতিটো 
পাৰ হৈ,
সূৰ্যোদয়ত সাৰ পাই 
শিমলুবুলিয়া 
তাইৰ মাতাল হাঁহিটো ।।
প্ৰতিটো হাঁহিতে 
এখন মৰমীয়াল হৃদয় ।।
ৰাতিপুৱাৰ ৰ'দ 
ধৰি ৰখা এখন মুখ ।।
তাইৰ হাঁহিত 
তেতিয়াও উৰি থাকে 
নিশাৰ তৰাবোৰ ।।
        

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰতম প্ৰচেষ্টা।

    ReplyDelete
  2. এক প্ৰত্যাশিত জীৱনবোধৰ গভীৰতা লৈ গোটৰ সমুহ লেখক -লেখিকা আৰু সুধিবৃন্দলৈ আন্তৰিক শুভ কামনা জনালো।

    ReplyDelete
Post a Comment