ফাগুন ফাগুন মন••পাপু শইকীয়া  

©Admin
2
ফাগুন ফাগুন ফাগুন, 
আকৌ এবাৰ আহিলি ফাগুন।
কিনো ৰঙ আঁকিলি নতুন, 
হৃদয়ত কিনো সাজোন কাচোন।

পলাশৰে ৰং কোনেনো সানিলে, 
এপিয়লা ৰ'দৰ হেঙুলে,
আবেলিৰ ৰঙা সুৰুজে
লঠঙা ডালতে ৰঙা হৈ ফুলিছে। 


কিয় কৰি গ'লি ফাগুন ৰঙা , 
বুজা - নুবুজা সপোনে আবেলি হ'ল উৰুঙা । 
পচোৱাজাক উৰিছে হৈ উন্মনা, 
তোমাৰে মোৰে গোপন বহু কথা, 
কানাইৰ হাতৰ ফাকুত ফাগুন হ'ল ৰঙা। 


কৰি আকুল ব্যাকুল মন, 
তোমাৰে মোৰে মৰমৰ আলাপন। 
অ' ফাগুন ফাগুন মন, 
চৌপাশে মোৰ তাৰেই গুঞ্জন। 

সৰা পাতে পাতে, 
ধুলিয়ৰি বাটেৰে 
আকৌ হেপাঁহৰ ফাগুন নামে। 
আশাবোৰ লৈ বোকোচাতে, 
আকাশলৈ উৰা মাৰে চিলাখনে।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment