কিন্তু সেই ফুলনিখন সযতনে ৰাখিব মইও জানো ।
ফাগুনৰ পছোৱাজাকত হালি পৰা প্ৰতিটো ফুলৰ পাহিতেই
আমাৰ স্মৃতিবোৰৰ পাণ্ডুলিপি মই দেখিছোঁ।।
হেৰুৱাৰ ভয় কি সেয়া জানো জানা তুমি?
তুমি জানানে কাৰোবাৰ আৱেগক সন্মান কৰিবলৈ?
নতুনক পাই পুৰণাক পাহৰিলে হৃদয় খনে
কেনেকৈ উচুপে
সেয়া শুকান সৰাপাতখিলাক সুধিবা ।
যন্ত্ৰণাৰে আঁচুৰি থৈ যোৱা বুকুখন
কেতিয়াবা বৰকৈ বিষায়,বিষাদবোৰ উজাৰি কেতিয়াবা চিঞৰে ,
জীৱনৰ সাঁচিপাতত তোমাক সজাব খোজোতেই
তুমি কৰা অৱহেলাৰ অভিমান চাগে এইয়া ।
ভাবিছা চাগে , মোৰ স্মৃতিৰ পাতবোৰ বৰ সুন্দৰ
এদিন আহিবাচোন, দুয়ো মিলি স্মৃতিবোৰ ৰোমন্থন কৰিম ।
নদীৰ পাৰত বহি একেলগে দেখা সপোনবোৰ কথা
কহুৱাজোপাই আজিও ৰিঙিয়াই মোক কয় ।
কিন্তু মই উত্তৰবিহীন।
কেনেকৈনো কও নদীৰ সোঁতত
তুমিও যে বৈ গʼলা মোৰ অচিনাকী হৈ
লাজুকী বনজোপায়ো চাগে ইমান অভিমান নকৰে
যিমান তুমি কৰিছা ।
এদিন কৈছিলো নহয় ধনবৰ আৰু ৰতনীৰ কথা
ৰতনী নহও বুলি কৈ কিন্তু মোক ধনবৰ কৰি থৈ গʼলা
তোমাৰ প্ৰতিখন ছবিত এটা পুৱাৰ আৰম্ভণি মোৰ
প্ৰতিটো সোঁৱৰণত এটি দিনৰ সূৰ্যোদয়।
মদাৰ ৰ ৰঙীন উঁঠ জুৰি বৰকৈ কপিছিল তোমাক কব খোজা কথাটি হয়টো কবিতা হৈ নিগৰিছিল।
আঁউসীৰ নিশা যদি তোমাৰ ভাল নালাগে ,
জোনাক নিশা দুয়ো জোনৰ বুকুতেই
কবিতা ৰচিম বুলি দিয়া প্ৰতিশ্ৰুতি বোৰ জানো এতিয়া সযতনে আছে?
তোমাৰ ভালপোৱাৰ আকাশত মই পপীয়াতৰা ন'হব পাৰোঁ ,
কিন্তু তোমাৰ আবেগ বোৰক সন্মান কৰি
কৃষ্ণচূড়াৰ ৰঙাবোৰৰ দৰেই সামৰি ৰাখিব পাৰোঁ ।
তুমি বিচাৰিলে মৰমৰ নৈ হৈ তোমাতেই উমলিম ।
তুমি কাষত ৰ'লে হেঁপাহৰ মায়াসনা হাঁহিৰে তোমাকেই আৱৰিম ।
মাথোঁ মোক ধনবৰ হ'বলৈ নিদিবা
শেষত নিয়তিক দুখি লাভ নহ'ব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ