সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা - প্ৰৱীণ ৰাজবংশী

@admin
0
শতকোটি প্ৰণাম,
লক্ষ্মীনাথ বেজবৰুৱা দেৱ এজন প্ৰতিভাৰ অধিকাৰী অসম গৌৰৱ সাহিত্য সমাজৰ তেখেতক শতকোটি প্ৰণাম ৷
 লক্ষ্মীনাথ বেজবৰুৱা দেৱ অসমীয়া ভাষা সাহিত্য আৰু অসমীয়া জাতিৰ এক জীৱনী শক্তি স্বৰূপ ।তেখেতক ৰসৰাজ নামেৰে বিখ্যাত এইজনা মহান ব্যক্তিৰ জন্ম
হয় ১৮৬৪ চনৰ ১৪ অক্টোবৰত নগাঁও জিলাৰ আঁহতগুৰি নামে ঠাইত । তেওঁৰ দেউতাক আছিল দীননাথ বেজবৰুৱা আৰু মাতৃ আছিল থানেশ্বৰী দেৱী । 

বেজবৰুৱা দেৱে তেজপুৰ , লক্ষীমপুৰ , গুৱাহাটী , শিৱসাগৰ আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰে । তেওঁ প্ৰৱেশিকা পৰীক্ষাত সু খ্যাতিৰে উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাৰ্ষ্ট আৰ্ট আৰু বি এ পাছ কৰে । 

স্বাধীনতা প্ৰয়াসী উচ্চ মনৰ শৈশৱৰ পৰাই লক্ষ্মীনাথ বেজবৰুৱাই হাতত কলম তুলি লৈছিল । কলিকতাত থাকোঁতে প্ৰজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত 
আবদ্ধ হয় ৷
 
কলিকতাত থকাৰ পৰাই বেজবৰুৱা দেৱে
সাহিত্য জীৱন আৰম্ভণি কৰে দ্ৰুত গতিত কলিকতাত থাকোঁতে তেখেতে লগ পাইছিল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু 
হেমচন্দ্ৰ গোস্বামীদেৱক তেওঁ লোকৰ প্ৰচেষ্টাতেই জন্ম হয় 
" অসমীয়া জাতিৰ উন্নতি সাধিনী সভা " 
১৮৮৯ চনত প্ৰকাশিত জোনাকী তেই তেওঁৰ প্ৰথম গ্ৰন্থ লতিকাই প্ৰকাশিত হয় ।
কাব্য , উপন্যাস , নাটক , ব্যংগাত্মক ৰচনা , চুটিগল্প , জীৱনী , আত্ম জীৱনী , প্ৰৱন্ধ , ৰম্যৰচনা , সংবাদ পত্ৰ , শিশু সাহিত্য সকলোতেই তেওঁৰ হাতৰ পৰশ পৰিছিল । 

তেওঁৰ একমাত্ৰ কবিতা পুথি খন হৈছে কদমকলি । এই পুথিখনত পুৰণি লোকগীতৰ আৰ্হিত ৰচনা কৰা " ধনবৰ ৰতনী " , " মালতী " " নিমাতী কন্যা , আদি কবিতা আছে । স্বদেশ প্ৰেম তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য । বেজবৰুৱাৰ সকলো কবিতাত লাস্যময়ী সুৰৰ ঝংকাৰ নেথাকিলেও তেওঁৰ কবি হৃদয়ৰ দুৱাৰত অফুৰন্ত ভাব ৰাশিয়ে চিৰপ্ৰবাহমান বলিয়া লুইতৰ তৰঙ্গমাঁলাৰ দৰে বৈ থাকে ।

বেজবৰুৱা দেৱৰ এক মাত্ৰ উপন্যাস পদুম কুঁৱৰী য়ে হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্ৰেমৰ মনোৰম সাক্ষবহন কৰি ‌এখনি উপভোগ্য উপন্যাস বুলি অভিহিত হৈছে । তেখেতৰ ১৯২০ চনত প্ৰকাশিত হয় আলোচনী " বাঁহী আলোচনী । বেজবৰুৱা দেৱে ল'ৰা - বুঢ়া - ডেকা সকলোকে সমানে আমোদ দিয়াৰ লগতে তাপিত হৃদয়ত দয়া -ক্ষমা , কৰুণা সহানুভূতি , জগাই তোলা শান্তিৰ বাণীসূচক বেজবৰুৱাৰ মনোৰম সাধুকথাৰ পুথি সমূহ হ'ল " সাধু কথাৰ কুকি " " বুঢ়ী আইৰ সাধু " " ককা দেউতা আৰু নাতি ল'ৰা " । তেওঁৰ পুথি সমূহ সকলো বয়সৰ লোক বৰ আগ্ৰহ আৰু সমাদৰ কৰে ৷

জোনাকী , বাঁহী আদি আলোচনীত তেওঁ কৃপাবৰ বৰুৱা ছদ্মনামত হাস্যৰসাত্মক অনেক প্ৰৱন্ধ ৰচনা কৰিছিল । তেওঁৰ হাস্যৰসাত্মক পুথি সমূহ হ'ল - কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা , কৃপাবৰ বৰুৱাৰ ওভতনি , কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি । ভগৱৎ কথা , তত্ব কথা , কামত কৃতিত্ব লভিবৰ উপায় তেওঁৰ চিন্তমূলক বিষয়ৰ প্ৰবন্ধ । 

বেজবৰুৱা দেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতে অসমীয়া ভাষা সাহিত্যৰ সকলো শাখালৈকে অনবদ্য অৱদান আগবঢ়াইছিল । তেওঁৰ লেখাৰ হাস্যৰসৰ মাজতে দেশপ্ৰেমৰ ভাৱ গভীৰ ভাবে প্ৰকাশ কৰিছিল । তেওঁ ৰচনা কৰা 'অসম সংগীত ' টি অসম আৰু অসমীয়াৰ ভাষাৰ প্ৰতি থকা তেওঁ অকৃত্ৰিম শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ পাইছে । বেজবৰুৱা কায়িক ভাবে আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰ বাবে তেখত সদায় অমৰ হৈ ৰৱ ।৷
শতকোটি প্ৰণাম।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)