আহঃ এয়া যেন পূৰ্ণতা জীৱনৰ , নহ'লেটো সমাজে ভিন্ন ভাষাৰে হানি আছিল ইমান বছৰে। হাত দুখন নিজস্ব ভাৱে একেলগ কৰি উচ্চাৰণ কৰিলে
"প্ৰাৰ্থনা" এয়া আমাৰ প্ৰাৰ্থনাৰ নিৰ্মালি বিনয়।"
বিনয় জোনাকৰ ওচৰতে ৰৈ আছিল।চকুৰ পানী দুগালে দুধাৰি বৈ আহিছিল তাৰ।
"আমাৰ ভালপোৱাৰ পূৰ্ণতাত তাই আমাৰ বাবে প্ৰাৰ্থনা হৈ আহিছে বিনয়"
বিনয়ে লাহেকৈ ক'লে
"ওম,,,"
জোনাক গাঁৱৰ ঘৰৰ পৰা মুম্বাইলৈ গুচি অহা দহ বছৰ হ'ল।ঘূৰি আপোন ঘৰখন লৈ যোৱা নহ'ল। মাকে ফোন কৰি বাৰে বাৰে মাতিলে,ভায়েকে ফোন কৰি বাৰে বাৰে মাতিলে,নাই নগ'ল। দেউতাকৰ প্ৰতি থকা আক্ষেপৰ বাবেই নগ'ল।জোনাকৰ অৱস্থাতো বুজিবলৈ কোনেও চেষ্টা নকৰিলে। গাঁৱৰ সমাজ খনে বুজিবলৈ চেষ্টা নকৰিলে।মাক দেউতাক বংশ পৰিয়াল কোনেও বুজিবলৈ চেষ্টা নকৰিল।জোনাক যেন বংশৰ কলংক।
কোনো অনুষ্ঠানলৈ যাব পৰা নাছিল। কোনো অনুষ্ঠানত অংশ লব পৰা নাছিল।সকলোতে যেন লেই লেই অৱস্থা।ঘৰৰ ভিতৰতে সুমাই ৰৈছিল। ক'তো নগৈছিল। প্ৰতি সন্ধিয়া দেউতাকে ককৰ্থনা কৰিছিল জোনাকৰ অৱস্থাতো লৈ। একমাত্ৰ যেন মোবাইলটোহে সাৰথি আছিল।মন যোৱা গান বোৰ শুনি শুনি দিনৰ পাছত দিন পাৰ কৰিছিল। উপযুক্ত শিক্ষাৰে শিক্ষিত আছিল জোনাক।
হঠাৎ এদিন মাকৰ বাকচৰ পৰা টকা পাঁচ হাজাৰ হাতত লৈ সন্ধিয়া কাপোৰ কানি বেগ এটাত ভৰাই জোনাক উলাই গৈছিল ঘৰৰ পৰা।যি উলাই আহিল ঘৰৰ পৰা আজিলৈ ঘূৰি যোৱা নাই।
এদিন মাকে ফোন কৰি মাতোতে কৈছিল জোনাকে
"মই সেই খন পৃথিৱীত কৈ এইখন পৃথিৱীত সুখী মা,,,, মই তোমালোকৰ বাবে আৱৰ্জনা হ'ব নিবিচাৰোঁ"
ফোন কাটি দিছিল।
ঘৰৰ পৰা উলাই আহি তিনিদিন পানীৰ বাহিৰে একো নোখোৱাকৈ আছিল জোনাকে ,হাতত থকা টকা কেইটা সাৱধানে সামৰি ৰাখিছিল।ৰাতি ৰেল ষ্টেচনৰ জিৰণি কোঠাটোত বহি বহি সাৰ পাই পাই শুইছিল।ঘৰৰ পৰা ইমান দূৰলৈ অহাৰ অভিজ্ঞতা সেইবাৰেই প্ৰথম আছিল জোনাকৰ। ৰাতিপুৱাই কামৰ সন্ধানত যায়। বিচাৰি বিচাৰি এখন দোকানত কোনোমতে বিক্ৰেতাৰ কামটো হাতলৈ আহে জোনাকৰ।দৰমহা টো কম যদিও সঠিক ভাবে চলিবলৈ হয়গৈ।দোকানৰ মালিকৰ অনুগ্ৰহত জোনাকে থাকিবলৈ সৰুকৈ ৰূম এটাও পালে।
এদিন হঠাৎ জোনাকৰ জীৱনলৈ গ্ৰাহক হিচাপে বিনয় আহিছিল। বস্তুৰ দৰদাম কৰি থাকোঁতে দুয়ো চিনাকি হৈ ল'লে।ফোন নম্বৰৰ আদান- প্ৰদান হ'ল। দিন বাগৰাৰ লগে লগে লাহে লাহে কথাৰ আদান প্ৰদানত সিহঁতৰ ঘনিষ্ঠতা বৃদ্ধি পালে।ইটোৱে সিটোৰ প্ৰতিটো সময়ৰ খবৰ ৰাখে। খোৱাৰ পৰা পিন্ধালৈকে। এদিন জোনাকৰ জ্বৰ হোৱা গম পাই নিশাটো বিনয় জোনাকৰ ৰূমত ৰৈ খোৱাৰ পৰা ঔষধ পৰ্যন্ত যত্ন ললে। জোনাকৰ কিবা হ'ব বুলি উজাগৰে নিশা পাৰ কৰিলে বিনয়ে।জোনাকে অনুভৱ কৰিছিল লাহে লাহে বিনয়ৰ প্ৰতি থকা আন্তৰিকতা খিনিয়ে যেন অন্য ৰূপ লৈছে।ভয় খালে জোনাকে। নাই নাই এয়া হ'ব নোৱাৰে। জোনাকৰ মনৰ অৱস্থাতোৰ কথা গম পাই যদি বিনয়ে ঘৃণা কৰে। জোনাকৰ জীৱনত কোনোবা আছে যদি সেয়া কেৱল বিনয়। কিন্তু বিনয়ে যদি তেনেকৈ নাভাবে? জোনাকৰ বাবে বহু অসহ্যকৰ মূহুৰ্ত হ'ব। লাহে লাহে জোনাকে বিনয়ৰ পৰা যেন দূৰত্ব বঢ়াই আনিল। ইফালে বিনয়ে সেই কথা মন কৰি জোনাকক এদিন জোৰ কৰিয়ে চিনেমা চাবলৈ লগ ধৰি লৈ গ'ল। এখন পাৰ্কত বহি বিনয়ে জোনাকৰ সাতখন নিজৰ হাতত লৈ জোনাকৰ তেনে কৰাৰ আঁৰত কি আছে সুধিলে।জোনাকে একো ক'ব বিচৰা নাছিল।
কিন্তু বিনয়ৰ মুখত জোনাকৰ প্ৰতি থকা ভালপোৱাৰ কথা শুনি জোনাক হতবাক হৈছিল। তেতিয়া জোনাকে সকলো খিনি কথাই খুলি কৈছিল।
"মোৰ মন নাৰীৰ বাবে মোহিত নহয় বিনয় ,আই এম এ গে,সেই কথা মোৰ ঘৰৰ মানুহে গম পাই মোক জীয়াই থকাৰ উশাহ খিনিও কাঢ়ি ল'ব বিচাৰিছিল।সমাজে মোক ঘৃণা কৰিছিল। মই ল'ৰা হয় যদিও ছোৱালীৰ দৰেই থাকোঁ। মই ল'ৰা যদিও চাল চলন, পিন্ধা উৰা এজনী ছোৱালীৰ দৰে।বিনয় !পুৰুষে পুৰুষক ভাল পাই জানো? এয়া প্ৰকৃতিৰ বিৰোধিতা নহয়নে?"
জোনাকৰ দুগালে চকুলো বৈ আছিল।
বিনয়ে লাহেকৈ কৈছিল
"নহয় ,যদি সেয়া পাপ, প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিব নালাগিছিল...প্ৰেম মানে শাৰিৰীক মিলন নহয় যে দুটা বিপৰীত লিংগৰ শৰীৰৰ বাবেহে সেয়া যোগ্য,,, প্ৰেম স্বৰ্গীয় অনুভৱ হে। য'ত শৰীৰৰ স্পৰ্শ নাথাকে,হৃদয়ৰ স্পৰ্শ থাকে,আত্মাৰ স্পৰ্শ থাকে।"
বিনয়ৰ কান্ধত মূৰ থৈ জোনাকে আকৌ কৈ উঠিছিল
"কিয়,,,,?"
"পৃথিৱীত পুৰুষ মহিলা ৰ উপৰিও আৰু আছে মানুহ। যি শাৰীৰিক ভাৱে পুৰুষ,যি শাৰীৰিক ভাৱে নাৰী। হ'ৰমনেলী সেইসকলৰ আকৰ্ষণ পুৰুষৰ পুৰুষৰ প্ৰতি, নাৰীৰ নাৰীৰ প্ৰতি আকৰ্ষণ থাকে আৰু কিছুমানৰ কাৰোৰে প্ৰতি আকৰ্ষণ নাথাকে। সেই সকলক পুৰুষ মহিলাৰ দৰে প্ৰকৃতিয়ে সৃষ্টি কৰে। কোনেও নিজেই কৰোঁ বুলি নিজক সৃষ্টি কৰিব নোৱাৰে।"
"তথাপিও সমাজে জানো কথাবোৰ মানি ল'ব বিনয়?"
"নলয়, সেই বুলি সেইসকল মৰি যাবওটো নোৱাৰে,,"
দুয়োটা মৌন হৈ ৰৈছিল কিছুপৰ।জোনাকৰ হাজাৰটা প্ৰশ্নৰ সমাধান যেন বিনয়ৰ হাতত আছিল। দোকানৰ মালিকে বিনয় আৰু জোনাকৰ কথাবোৰ গম পাই জোনাকক দোকানৰ পৰা উলিয়াই দিছিল।বিনয়ৰ ঘৰত জোনাক আৰু বিনয়ৰ কথাবোৰ গম পাইছিল।বিনয়ৰ মাকে জোনাক আৰু বিনয়ক ঘৰলৈ মাতি নি কথাবোৰ বুজাইছিল।মাকৰ কথাত বিনয়ে যুক্তিৰে মাকক বুজাইছিল।বিনয়ৰ কথাত মাকৰ মুখৰ শব্দ নোহোৱা হৈছিল। একমাত্ৰ সন্তানৰ তেনে কথাই তেওঁক মৰ্মাহত কৰি তুলিছিল।জোনাকে পুনৰ কামৰ সন্ধান কৰি ভাল কোম্পানী এটাত কাম পালে লগতে নিজৰ থকাৰ ব্যৱস্থা কৰি ললে।কাৰণ বিনয়ে নজনাকৈ জোনাকক বিনয়ৰ মাকে বিনয়ৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কৈছিল। বহু দিন জোনাকে বিনয়ৰ পৰা আঁতৰাই ৰাখিছিল। কিন্তু বিনয়ে যেন জোনাকৰ পোহৰৰ অবিহনে এক খোজো আগবঢ়াব নোৱাৰে জীৱনৰ বাটত। উপায়ন্তৰ হৈ জোনাকক বিনয়ৰ মাকে নিজৰ ঘৰলৈ লৈ গ'ল।এদিন হঠাৎ বিনয়ৰ মাকৰ প্ৰেচাৰ ষ্টক হৈ বিনয়ৰ জীৱনৰ পৰা আঁতৰি গৈছিল। অকলশৰীয়া হৈছিল বিনয়। উপায় বিহীন হৈ পসেই সময়ত জোনাক বিনয়ৰ ছা হৈ ৰৈছিল।
বছৰ পাৰ হৈছিল। লাহে লাহে সিহঁতৰ সম্পৰ্কই স্থিৰতা লাভ কৰিছিল।জোনাক "সি" শব্দৰ পৰা "তাই" শব্দলৈ ৰূপান্তৰ হৈছিল।দিনটো দুয়োটা কামলৈ উলাই যায়। সন্ধিয়া লগ হয়। দিনটোৰ ডায়েৰী খন দুয়োটাই মেলি আলাপত বিভূৰ হয়। দেওবাৰে সিহঁতে ক'ৰবাত উলাই যায় সিহঁতে নিজক সময় দিয়ে। হঠাৎ এদিন বিনয়ে জোনাকক ক'লে
"জোনাক , আমাৰ সন্তানৰ কথা ভাবিবৰ হ'ল "
চক খাই উঠিছিল জোনাক
"কি কৈছা এয়া বিনয়,সম্ভৱ নে?"
"সম্ভৱ"
"পাগল হৈছা নেকি,আমাক কোনে সন্তান দিব, নিজেও কিবা কৰিবলৈ ঈশ্বৰে সেইদৰে কৰি নিদিলে।"
"টকা হ'লে চেৰ'গেচিৰ দ্বাৰা আমাৰ সন্তান আমাৰ মাজলৈ আহিব "
বিনয়ৰ কথাবোৰ জোনাকৰ বুজি পাবলৈ অসুবিধা হৈছিল। লাহে লাহে সকলো খিনি পদক্ষেপ বিনয়ে কৰি গৈছিল।জোনাক কেৱল বিনয়ৰ সাহস আছিল। মহিলা নহ'লেও পূৰ্ণ পৃথিৱী এখন গঢ়াৰ হেঁপাহ জোনাকৰো আছিল।এটা বছৰ বাগৰিল ।এটা সময়ত কণমানি পুতলা এজনী বিনয়ে জোনাকৰ হাতত তুলি ধৰিছিল। এয়া লোৱা আমাৰ সন্তান।
এয়া পূৰ্ণতা নে জোনাকৰ জীৱনৰ মনতে প্ৰশ্ন কৰিছিল জোনাকে।পলকতে সকলো পাহৰিছিল যেতিয়া অকণমানি জনীৰ হাতৰ স্পৰ্শ পৰিছিল জোনাকৰ গালত।
"কি ভাবি আছা জোনাক?"
বিনয়ৰ মাতত যেন জোনাকৰ স্তম্ভিত ঘূৰি আহিল।ইমান সময়ে জোনাক ভাবৰ পৃথিৱীত ডুব গৈ আছিল।
বিনয়ৰ হাতত এটা কেঁচুৱাক খোৱাৰ বাবে ব্যৱহাৰ কৰা গাখীৰৰ বটল। জোনাকৰ ফালে আগবঢ়াই দিছিল সি। কণমানি জেনীৰ মুখত বটলটো গুজি দি জোনাকে বিনয়ক ক'লে,,,
"এয়া নতুন অভিজ্ঞতা, কণমানি জনীক মাতৃৰ মৰম দিবলৈ মই কাম এৰিম, তুমি বাকীখিনি চম্ভালি ল'ব পাৰিবানে?"
"ইমান খিনি কৰিব পাৰিলো যেতিয়া আমি বাকীখিনিও পাৰিম"
দুয়োটা কণমানি জনী লৈ চাই ৰৈছিল।জোনাক বিনয়ৰ অপূৰ্ণ তাক যেন পূৰ্ণ কৰি ৰ'ল তাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ