শীৰ্ণ হৈ পৰিছে
দূৰৈৰ পৰা এডাল বক্ৰৰেখা
সৰাপাতৰ গান এটাই
নুপূৰ বজাইছে
মতলীয়া বতাহৰ ছেৱত
ছেৱে ছেৱে কঁহুৱা হালিছে
ঢৌত উৰিছো মই
ৰং সিঁচি হৃদয় জুৰাবলৈ
ফাগুন আহিছে
ধূলিয়ৰি বাটত
বসন্ত নমোৱা ফাগুন
বতাহে নদীক নচুৱায় মোক
মোৰ বুকুত এতিয়া
ফুলিছে পলাশ
মদাৰে কৰিছে বুকু
মোৰ সেন্দুৰীয়া
মৌপিয়াই সুহুৰিয়াই সুহুৰিয়াই
উৰি ফুৰিছে
তথাপি কিবা এক শূণ্যতা
উদাস বুকুত সিদিনা
হেজাৰ সপোন আঁকি
বৰ্ষাৰ আগমন
মই সেউজীয়া হ'ম
ধ্বংসৰ মাজতো
সৃষ্টিৰে সজাম
মোৰ পৃথিৱী
অনুৰাগে বোৱাই দিম
প্ৰমাষ্পদক।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ