আঁতৰি নাযাবা- অৰ্ণৱ কটকী

©Admin
2
দূৰে দূৰে আঁতৰি নৰবা তুমি 
অলপ সময় থাকি যোৱা মোৰ হিয়াৰ বাকৰিত 
বাগিছাৰ মালিনী হৈ মৰম বৰ্ষা নৈ 
বুকুভৰাই বোৱাই যোৱা প্ৰেমৰ এটি মিঠা সুঁতি।।
ডিঙা মেলি উজাই যাম বাসনাৰ পৰশ ল'বলৈ 
পাৰ ঘাটত তোমাৰ ,চপাম মোৰ চেনেহী টুলুঙা নাওঁ।
বা ৰিব বতাহ জাকে চুমি যাব গৰম নিশ্বাসক 
মৰম হৈ নিগৰিব কামনাৰ তেজে ধোৱা ঘাম।।
তোমাৰ মিঠা মাতটো শুনা নাপালে 
দিনৰ পোহৰতে ৰাতি নামে মোৰ কলিজাৰ আকাশত 
জীৱন ভটিয়নী নদী খনৰ বুকুত সপোন বিচাৰি 
আকুলতাৰে সামৰি ৰাখিম তোমাক সাত জনমলৈ।।
দূৰে দূৰে নৰ'বা তুমি আজি মোৰ পৰা আঁতৰি 
ছাঁ হৈ থাকা মোৰ কাষতে আজি 
হিয়াৰ থাপনাত তুমিয়েই মোৰ আছা বহি 
দেহৰ শিৰে শিৰে তোমাৰ নামৰ ৰাগিনী ।।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ অনুভৱ💘🌻

    ReplyDelete
    Replies
    1. বহু বহু ধন্যবাদ জ্ঞাপন কৰিলোঁ ❤️

      Delete
Post a Comment