সাহিত্য হৈছে প্ৰকৃতাৰ্থত কোনো এখন সমাজৰ দাপোন স্বৰূপ, য’ত ভাষা, সাহিত্য-সংস্কৃতি আৰু চিন্তাধাৰাৰ মুক্ত প্ৰতিফলন ঘটে। কিন্তু যেতিয়া সাহিত্যৰ ওপৰত ৰাজনীতিৰ অনিচ্ছিত প্ৰভাৱ পৰে, তেতিয়া স্বাধীন চিন্তাধাৰা সীমাবদ্ধ হয় আৰু মত প্ৰকাশৰ স্বাধীনতা সংকটৰ সন্মুখীন হয়।
অসমীয়া সাহিত্য-সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে। সাহিত্য চৰ্চাৰ মঞ্চসমূহৰ ওপৰত যদি ৰাজনৈতিক প্ৰভাৱ আধিপত্য বিস্তাৰ কৰে, তেন্তে সৃষ্টিৰ স্বাধীনতা বাধাগ্ৰস্ত হ’ব। বৰ্তমান সময়ছোৱাত কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠানত লেখকে মুক্ত চিন্তা আৰু সাহসিকতাৰ লগত বাস্তৱ কাহিনী উপস্থাপন কৰিব নোৱাৰে, কাৰণ ৰাজনৈতিক স্বাৰ্থ বা একপক্ষীয়তাৰ ভয় থাকে। ইয়াৰ ফলত, সাহিত্যৰ প্রকৃত উদ্দেশ্য — সত্যৰ উন্মোচন, সমাজৰ সঠিক প্ৰতিফলন আৰু সৃষ্টিশীল চিন্তাই এক গম্ভীৰ সংকটত পৰে।
সাহিত্যক ৰাজনীতিৰ অস্ত্ৰ নহয়, বৰঞ্চ সমাজ এখন জাগ্ৰত কৰাৰ শক্তিশালী মাধ্যম হিচাপে ৰাখিব লাগিব। সাহিত্য চৰ্চাৰ মঞ্চত দৃষ্টিভংগী পৰিৱৰ্তন আৰু মত ভিন্নতাক স্বাভাৱিক ৰূপত গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব, যাতে সাহিত্যক কেৱল আদৰ্শগত বা প্ৰচাৰমূলক ব্যৱস্থাৰূপে ব্যৱহাৰ নকৰে।
অসমীয়া সাহিত্য মুক্ত হৈ থাকিলেহে ভাষা আৰু সংস্কৃতিৰ সত্য বিকাশৰ সম্ভৱ হ'ব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ