এটা সপোন উজাই আহিছিল
হৃদয়ৰ গভীৰলৈ গতি কৰিছিল
বৰ খৰকৈ পোখা মেলিছিল,
আলাসত ডাঙৰ হৈছিল সপোনটি ।
কণ্টকাকীৰ্ণ বাটৰ কণ্টক দূৰ কৰি
বহুত যুঁজি যুঁজি মসৃণ কৰিছিলোঁ
সন্মুখলৈ যোৱা প্ৰতিটো বাট,
এধানমান সুখৰ বাবেই
উজাই অহা সপোনটিক লৈ
সন্মুখত বহুত আশা দেখিছিলো
উজাই অহা সপোনটোক আলফুলে
হৃদয়ৰ মাজত সাৱটি ধৰিছিলো।
কিন্তু এতিয়া মই দেখিছোঁ
মোক নিঃসংগ কৰি থৈ
সেই সপোন বহু কাৰণত
ভটিয়াই যাবলৈ সাজু হৈছে
হেৰাই যোৱা সপোনৰ
উজান উঠা মনৰ পৰা
উজাই অহা সুঁতিটো গোপনে
একান্তমনে বিচাৰিবলৈ ধৰিছে ।
মোৰ উপস্থিতৰ পিছতো সপোনটো
যাযাবৰী, নিৰাহাৰী হৈ পৰিল
তেনেকৈ পাৰিব জানো থাকিব?
সেয়ে হয়তো যাবলৈ ওলাইছে
এইবাৰ মই বাধা নিদিওঁ
যাব বিচাৰিছে যেতিয়া যাওক।
সপোনটোক নিজৰ কৰি পোৱাৰ
বহুত বেছি হাবিয়াস আছিল,
ভুল হয়তো একমাত্ৰ মোৰেই
মই পূৰঠ কৰি তুলিব নোৱাৰিলোঁ
সময়মতে আলপৈচান নধৰিলো ।
অৰ্ধমৃত হৈ সপোনটো কেনেকৈ
মোৰ কাষত থাকিব বাৰু
বাৰে বাৰে লজ্জিত হোৱাৰ পিছত
পাৰিব জানো সহজভাৱে থাকিব
ইমান আঘাতৰ পিছত
পাৰিব জানো সহ্য কৰিব?
হয়তো ক্ষয়িষ্ণু আছিল সেই সপোন
মৃত্যুঞ্জয়ী হোৱাৰ দিশত ক্ৰমে
বৰ সাৱধানে আগবাঢ়িছিল
আবদাৰ মোৰো নথকা নহয়
কিন্তু মই বাধ্য হৈ পৰিলোঁ
উজাই অহা সপোনটিক
অবজ্ঞাৰ দৃষ্টিৰে চাবলৈ ।
এতিয়া উজাই অহা সপোনটোৰ কথা
একেবাৰে পাহৰিবলৈ ধৰিলো
হুৰমূৰকৈ মোৰ পৰা গুছি গ'ল
উজাই অহা বাটেদিয়েই ঘূৰি নহাকৈ ,
এটা দুটা নহয় ,বহু কাৰণতহে
সেই সপোনৰ স্বতাধিকাৰী
চিৰদিনলৈ হ'ব নোৱাৰিলোঁ,
তিৰস্কাৰ কৰা নাছিলোঁ কোনোদিনে
অথচ গুছি গ'ল ভটিয়াই
মোক নিঃসংগ কৰি
নোৱাৰিলোঁ উজাই অহা
সপোনটিৰ যাত্ৰা পথত বাধা দিব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ