শুণা হেৰা মইনা সকল
কথা অলপ কওঁ ,
নজনা কিছু কথা
আহা জানি থওঁ
তামোল গছৰ পাতৰ তলক
বোলে ঢকুৱা ,
দোক বনাই ব্যৱহাৰ হৈছিল
ইয়াক জাৱৰ পেলোৱা ।
বাঁহৰ বহল কাঠিৰে তৈয়াৰী
এবিধ সঁজুলি,
ধান ৰাখিব পাৰি সেইটোক
কয় জানা ডুলি ।
ঢেং কোলচ ঢেং কোলচ কৈ
খুন্দে চিৰা পিঠা গুৰি ,
ঢেকি বুলি কয় তাক
কাঠেৰে তৈয়াৰী ।
ঘূৰণীয়া শিলেৰে কটা দুখন
চেপেটা চেপেটা ,
জাত বুলি কয় তাক মাহ
পিছে গোটা ।
দোন্ নামৰে পাচিৰ সদৃশ
আৰু এটি সঁজুলি ,
আগতে ব্যৱহাৰ হৈছিল ইয়াক
জোখ-মাখ কৰিবলৈ বুলি ।
পাণ পাৰিবলৈ ব্যৱহাৰ হয়
বাঁহৰ মইদা ,
গাঠীয়ে প্ৰতি শাল মাৰি
ইয়াক হয় বনোৱা ।
মিহি পাতল বাঁহৰ কাঠিয়ে
সাজে নগা ধাৰি ,
ধান ফালি শুকুৱাবলৈ নহয়
জানা দেৰি ।
কাঠ লোৰে নিৰ্মিত হয়
কুঁহিয়াৰ শালখনি ,
ফেলাই খনত বনাই গুৰ
খাবলৈ শুৱনি । পুখুৰী সিছিবলৈ ব্যৱহাৰ হয়
লেহেতি লাহনী ,
খোকা মুখত পাতি থ'লে
মাছবোৰ নহয় আথানি ।
আৰু আছে বহু কথা
পিছে পৰে ক'ম , আজিৰ
কথা ইমানতে সামৰিহে থ'ম ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ