মধুপুৰ চহৰখনত মানুহৰ ঘনত্ব কম। মুখ্য চহৰখনৰ পৰা বহু নিলগত আছে এই সৰু চহৰখন।মধুপুৰ চহৰখন পাবলৈ এখন ঘন হাবি পাৰ হ'ব লাগে। ৰাস্তাৰ দুয়ো কাষে ঘন হাবি।হাবি খনৰ মাজেৰে এখন যাত্ৰীবাহী বাছ আহি আছিল।মধুপুৰ চহৰলৈ বুলি বহু জন যাত্ৰী বাছখনত আহিছে।যাত্ৰী সকলৰ মাজতে ৰাঘৱ আৰু লিজাও চহৰখনলৈ আহিছে। ৰাঘৱ আৰু লিজা বিবাহিত দম্পত্তী।লিজা চিন্তাত মগ্ন হৈ ৰাঘৱৰ কান্ধত মূৰটো থৈ চকু কেইটা মুদি আহিছিল। এৰা চিন্তা নহ'ব বা কিয়? মধুপুৰ ঠাইখন নতুন আৰু অচিনাকী সিহঁতৰ বাবে।ৰাঘৱ উচ্চ বৰ্ণৰ হিন্দু পৰিয়ালৰ ল'ৰা আনহাতে লিজা খ্ৰিষ্টান ধৰ্মৰ পৰিয়ালৰ একমাত্ৰ সন্তান। দুয়োটাৰে পৰিয়ালৰ অসন্মতি থকাৰ পাছতো সিহঁতে কৰ্ট মেৰেজ কৰিলে। সিহঁতৰ দুয়োখন ঘৰে এতিয়ালৈ সিহঁতক আদৰি নললে।বিয়াৰ সাত বছৰৰ পাছত নিজৰ ঠাইখন এৰি জীৱিকাৰ সন্ধানত সিহঁতে নতুন ঠাইখন লৈ আহিছে।ৰাঘৱৰ বন্ধু সুৰেন্দ্ৰৰ অনুগ্ৰহত সিহঁতে সেই ঠাইত থাকিবলৈ বুলিয়েই আহিছে।বাছখন আহি চহৰৰ মাজমজিয়াতে থকা বাছ আস্থানত ৰ'লহি।বাছৰ পৰা নামিয়ে সিহঁতে ইফালে সিফালে চালে। তেনেতে কোনোবা এজনে হাত খন ওপৰলৈ দাঙি চিঞৰি উঠিল
"আৰে ভাই ইয়াত ৰাঘৱ আৰু লিজা আহিছে নেকি?"
লিজা আৰু ৰাঘৱ মানুহ জনৰ ফালে লাহেকৈ আগবাঢ়ি গ'ল।লিজা হঁত আগবাঢ়ি যোৱা দেখি মানুহ জনে কৈ উঠিল
"আৰে ভাই সুৰেন্দ্ৰ ভাইৰ কিবা কাম থকাৰ বাবে মোক পঠাই দিছে।আহক মই আপোনালোকৰ থকাৰ ব্যৱস্থা কৰি দিওঁ"
মানুহ জনৰ পাছে পাছে ৰাঘৱহঁতে তেওঁক অনুসৰণ কৰিলে। সিহঁতে বেছি দূৰ যাব লগীয়া নহ'ল।বাছ আস্থানৰ সন্মুখতে দীঘলীয়া শাৰী শাৰী কৈ নিৰ্মাণ কৰা ঘৰ কিছুমান আছিল।তাৰে ঘৰ এটাৰ ৰূমৰ সন্মুখত ৰৈ মানুহ জনে দৰ্জাৰ তলাটো খুলি তেওঁ লোকক ভিতৰলৈ আহিবলৈ ইংগিত দিলে।ৰূমটোত পৰিপাতিকৈ এখন টেবুল,এখন বিছনা আছিল আৰু এখন সৰুকৈ বাৰান্দা য'ৰ পৰা বাছ আস্থানটো স্পষ্ট কৈ দেখা পাই। অচিনাকী মানুহ জনে পুনৰ কৈ উঠিল
"ভাই, আপোনালোকৰ বাজেট টো চাই থাকিবলৈ এইটো হে পালোঁ। পানীৰ যোগান ভিতৰতে আছে।আজিৰ কাৰণে ওচৰৰ হোটেলতে ৰাতিৰ বাবে খাবলৈ মই অৰ্ডাৰ দি যাম। আপোনালোকে কাইলৈৰ পৰা নিজেই যোগাৰ কৰি ল'ব।কিবা দিগদাৰ হ'লে ক'ব। আৰু সূৰেন্দ্ৰ ভায়ে কব কৈছিল কাইলৈ ৰেডি থাকিব,মোক আপোনাক কাম দেখুৱাই দিবলৈ লৈ যাব কৈছে।"
ৰাঘৱে সামান্য হাঁহি মানুহ জনক সুধিলে
"ইয়াত ওচৰে পাজৰে কোঁৱা নাইবা নদী আছে নেকি "
আচৰিত হৈ মানুহ জনে ৰাঘৱলৈ চালে। অন্য মানুহ হোৱা হ'লে বেলেগ কথা সুধিলে হয়। নদীৰ কথা সুধিলত আচৰিত হ'ল।
"আপোনাৰ পানী যোগান ঘৰৰ ভিতৰতে আছে।অ কিবা কামত যদি কোঁৱা বিচাৰিছে তেন্তে কোঁৱা নাই।"
ৰাঘৱৰ মুখ মণ্ডল হেতা পৰি আহিল।ৰাঘৱৰ অৱস্থাটো দেখি মানুহ জনৰ কৌতূহল ওপজিছিল যদিও প্ৰকাশ নকৰি পুনৰ কৈ উঠিল।
"ওচৰতে নদী আছে যদিও হাবি বননিৰে ভৰি আছে।ফুৰিব পৰা ঠাই নহয়। আৰু নদী খনো বহুত গভীৰ।
তেনেতে লিজাই বিৰান্দা খনৰ পৰা ভয়ত চিঞৰি উঠিল। ৰাঘৱ আৰু মানুহ জন দৌৰি সেইখিনি পালেগৈ।ৰাঘৱৰ বুকুত মূৰ গুজি লিজাই সৰু ছোৱালী জনীৰ দৰে ওচৰৰ ঘৰ এটালৈ আঙুলিয়াই দি কান্দি উঠিল। মানুহ জনে দেখিলে ওচৰৰ ঘৰত এটা কুকুৰ পোৱালি বান্ধি থৈছে। আৰু কুকুৰটো দেখি লিজাই এক অদ্ভূত আচৰণ কৰিবলৈ ধৰিলে।ৰাঘৱ আৰু মানুহ জনে মিলি লিজাক ৰূপৰ বিছনা খনত শোৱাই দিয়েগৈ। মানুহ জনে কৈ উঠি
"মোৰ নামটো বিনায়ক,ওচৰৰ কাৰোবাক সুধিলে ই মোৰ খবৰ কব। যদি কিবা দিগদাৰ হয়। কাৰোবাক বিনায়ক ক মাতি দিয়ক বুলি ক'লে ও হ'ব।"
ৰাঘৱে মৌন হৈ সামান্য মূৰটো লৰালে। মানুহ জন যোৱাৰ সময়ত মুখেৰে ভুৰভুৰাই গ'ল
"আচৰিত দম্পত্তী, মানুহ টোৱে যদি দ কোঁৱা বিচাৰিছে, আনফালে মানুহ জনীয়ে বন্ধা কুকুৰ দেখি কান্দিলে।
শব্দবোৰ ৰাঘৱে কাণত পৰিছিল হি। কিন্তু সময়ৰ সতে আগবাঢ়ি যাবলৈ সি একো উত্তৰ নিদিলে।
পিছদিনা বিনায়কৰ লগত ৰাঘব কৰ্ম স্থান পালেগৈ।এটা গোদাম ঘৰৰ ৰখীয়া হোৱাৰ লগতে গোদাম ঘৰটোৰ বস্তু বোৰ পৰিপাতিকৈ থব লাগে।কামৰ মাজতে ৰাঘৱলৈ লিজাই ফুন কৰিলে,
"ৰাঘৱ , তুমি কিবা খালানে?"
"ওম মই বিনায়কৰ লগত খালো , তুমি কিবা খাই লৈ দৰৱ খাবা"
ৰাঘৱে একো খোৱা নাছিল যদিও লিজাৰ মন ৰাখিবলৈ সি মিছা মাতি দিলে।
ৰাঘৱে কথাত লিজাই লাহেকৈ মাত লগালে
"ওম,,,"
"মই কামৰ পৰা ঘূৰি গৈ নদীখন চাই ঠাইডোখৰ ঠিক কৰি আহিম, তুমি চিন্তা নকৰিবা"
ৰাঘৱে অনুভৱ কৰিছিল লিজাই কি কাৰণে ফোন কৰিছিল। সেয়ে সি তাইৰ মনৰ কথা বুজি কথাখিনি ক'লে।
"ওম"
সামান্য সহাৰি দি লিজাই ফোন টো কাটি দিলে। তেনেতে বিনয়ে ৰাঘৱৰ ওচৰলৈ আহি সুধিলে
"তোমাৰ মানুহ জনী এতিয়া ঠিকেই আছে টো?"
ৰাঘৱে সামান্য মূৰটো লৰালে।
"ঠিকেই আছে "
"আৰে ভাই, মই কালি ভয় খাইছিলো বান্ধি থোৱা কুকুৰটো দেখি চিঞৰি দিয়াৰ বাবে। তোমাৰ মানুহ জনীৰ কুকুৰৰ লগত কিবা প্ৰবলেম আছে নেকি?"
ৰাঘৱে লাহেকৈ ক'লে
"লিজা একমাত্ৰ সন্তান হোৱাৰ বাবে তাইৰ ঘৰখনৰ অতি আদৰৰ আছিল।কোনো দুখ কষ্ট নোপোৱাকৈ ডাঙৰ হৈছিল।কান্দোন কি সেয়া তাইৰ জীৱনত নাছিল।আমাৰ দুয়োটা পৰিয়াল ভিন্ন ধৰ্মৰ হোৱাৰ বাবে আমাৰ ঘৰ দুখনে আমাক আকোঁৱালি নলৈছিল। তথাপিও আমি তেওঁলোকৰ অমতত বিয়া কৰিলোঁ।লিজাৰ ঘৰৰ মানুহে তাইক মৰিল বুলি ত্যাগ কৰিলে।
যেতিয়া লিজা মাক হ'ল তেতিয়া আমাৰ ঘৰৰ মানুহবোৰৰ স্বভাৱ সলনি হ'ল।লিজাৰ লগতে আমাৰ সন্তান টিও তেওঁ লোকে আদৰ সাদৰ কৰিবলৈ ল'লে।পিছে নিয়তিয়ে আমাৰ সুখত সুখী নহ'ল চাগে, এদিন বাৰান্দাতে আমাৰ সন্তান টো খেলি থাকোঁতে ওচৰৰ এঘৰৰ বান্ধি থোৱা কুকুৰটো কেনেবাকৈ খুলি আহি আমাৰ অকণমানি টোক......"
ৰৈ গৈছিল ৰাঘৱ,ঠুকাঠুকি হৈ পৰিছিল তাৰ মাতটো।পুনৰ থুকাথুকি মাতেৰেই ক'লে
"নোৱাৰিলো আমাৰ সন্তানক বচাবলৈ,পুনৰ ঘৰৰ মানুহবোৰৰ স্বভাৱ সলনি হ'ল, সেয়ে আমি আঁতৰি আহিলো,লিজা মানসিক ভাৱেও ভাগি পৰিল।"
ইমান সময়ে বিনায়কে কথাবোৰ মৌন হৈ শুনি আছিল। লাহেকৈ তেওঁ ক'লে
"তোমালোকে দ্বিতীয় সন্তানৰ কথা ভবা নাই নেকি?"
ৰাঘৱৰ মুখেৰে দীঘল হুমূনিয়া এটা সৰি পৰিল
"চেষ্টা নকৰা নহয়,সকলোবোৰ আমাৰ হাতত নাই,,,"
নিঃস্তব্ধ হৈ ৰৈছিল দুয়োজন। নিঃস্তব্ধতাৰ মাজেৰে কাম কৰি গৈছিল ৰাঘৱে।বেলি লহিয়াইছিল সেই সময়ত ৰাঘৱে ঘৰমূৱা বাটেৰে মনৰ মাজতে ভাবিছিল নদীখন কিমান গভীৰ চাই,ঠাইখন ঠিক কৰিব লাগিব।
ঠাইখনলৈ অহা এসপ্তাহ হ'ল ৰাঘৱ হঁতৰ, কিন্তু সিঁহতৰ মনত যি আছিল সেই উদ্দেশ্য সফল হোৱা নাছিল।আন দিনৰ দৰে কামৰ পৰা ৰাঘৱ ঘৰলৈ ঘুৰি আহিল।
কামৰ পৰা ঘূৰি আহি ৰাঘৱে দেখিলে লিজা বিছনাত শুই আছে।লাহেকৈ লিজাক মাত লগালে সি
"লিজা , গাটো বেয়া নেকি"
লিজাই ৰাঘৱ অহা গমেই পোৱা নাছিল। সন্তান হেৰুৱাই এগৰাকী মাকৰ কি অৱস্থা হয় সেয়া ৰাঘৱে জানে।ৰাতি ৰাতিটো কান্দে তাই।ৰাঘৱ অহাত খৰধৰকৈ উঠি তাই ৰাঘৱ লৈ বুলি চাহৰ যোগাৰ কৰিলে।চাহ খাই থাকোঁতে ৰাঘৱে লিজাক ক'লে
"কুকুৰা দেখি তোমাৰ অৱস্থাটো কথা মই বুজিছো।দুদিন মান ধৈৰ্য ধৰা, আমাৰ উদ্দেশ্য টো সফল হ'বলৈ দিয়া"
চাহ খাই ৰাঘৱে নদী খন চাবলৈ গ'ল।নদী খন বিচাৰি পাবলৈ বেছি দূৰ যাব লগা নহ'ল।ঘন হাবিৰে আৱৰি আছে ঠাইখন। ৰাঘৱে নদী লৈ বুলি নামি নদী খন কিমান গভীৰ পৰীক্ষা কৰিলে।
নদীৰ পাৰতে গছ পাত কিছুমান গোটাই এখন সৰুকৈ বিছনা থিক কৰি ৰাঘৱ ঘৰলৈ উভতিল।
ঘৰ পাই খুব উৎসাহেৰে সি লিজাক ক'লে।
"ঠাইখন পালো ঐ লিজা, আজি ৰাতি উলাবা"
ক্ৰমশঃ ৰাতি হৈ আহিছিল ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ লিজা আৰু ৰাঘৱ নদীলৈ বুলি উলালে।সেইসময়তে সদায় সন্মুখৰ বাছ আস্থানৰ বাছ ড্ৰাইভাৰ কেইজনে দিনটোৰ ভাগৰ পাৰ কৰিবলৈ শীতল পানীয়ৰ লগত আড্ডা মাৰে। পৃথিৱীৰ সকলো ধৰণৰ কথাই সিহঁতে পাতে। সেই মাজ ৰাতি ৰাঘৱ আৰু লিজা তেনেকৈ মনে মনে যোৱাত সিহঁতে দেখি আলোচনা কৰিলে
"এই নতুন দম্পতীহাল ক'ত যায় এই ৰাতি?"
তাৰে এটাই মাত লগালে
"ব'ল, সিহঁতৰ পিছা কৰোঁ "
"পাগল নেকি"
আকৌ এটাই ভেকাহী মাৰি উঠিল।
লিজা আৰু ৰাঘৱ বহু দেৰীকৈ ঘৰলৈ ঘূৰি আহিছিল।চহৰখন তেতিয়ালৈ নিজম পৰিছিল ।তেনেকৈ সিহঁতে সদায় ৰাতি নদীৰ পাৰলৈ যায়। আৰু বহু পলমকৈ ঘূৰি আহে। ঠাইখন যিহেতু সৰু,লিজা হঁতে এনেদৰে ৰাতি ৰাতি ওলাই যোৱা বাছ ড্ৰাইভাৰ বোৰে লক্ষ্য কৰি আছিল।কথাটো বাছ ড্ৰাইভাৰৰ মাজত আলোচনা হ'বলৈ ধৰিলে। এমাহ মান তেনেদৰে হৈ থকা কথাটো বাছ ড্ৰাইভাৰ কেইজনে লক্ষ্য কৰি আছিল।লিজা ৰাঘৱহঁত ৰাতি ওলাই যোৱাৰ পাছত বাছৰ ড্ৰাইভাৰ কেইজনে সিহঁতৰ পিছে পিছে যাবলৈ ধৰিলে।গৈ গৈ সিহঁতে দেখিলে লিজা আৰু ৰাঘৱ নদীলৈ নামি গৈছে আৰু নদীৰ তলত সিহঁতে নাক মুখ বন্ধ কৰি কিছু সময় থাকে আকৌ ওলাই আহে। এনেদৰে দুঘণ্টা সময় থকাৰ পাছত সিহঁতে নদী খনৰ পৰা উঠি আহিল।
কিন্তু এয়া কি !ৰাঘৱ আৰু লিজাৰ শৰীৰত কোনো কাপোৰ নাছিল। সিহঁতৰ কাপোৰ বোৰ নদীৰ পাৰতে থৈ লৈছিল।সিহঁতে নদীৰ পাৰতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ লৈছিল হে, তেনেতে বাছৰ ড্ৰাইভাৰ কেইজনে সিহঁতৰ ফালে খেদা মাৰি গ'ল। তাৰে দুজন মানে ৰাঘৱক লাঠি এডালেৰে মাৰিবলৈ ধৰিলে।
"এইবোৰ কৰিবলৈ পৃথিৱীত ঠাই বিচাৰি নাপালি তহঁতে"
দুজন মানে মোবাইল উলিয়াই সিহঁতৰ সেই দৃশ্য মোবাইলত বন্দী কৰিবলৈ ধৰিলে।
ৰাঘৱে হাত যোৰ কৰি সিহঁতৰ আগত আঠু লৈ ক্ষমা খুজিলে।
"দাদা আমি ভুল কৰিলোঁ । আপোনালোকে প্লিজ এনেকুৱা নকৰিব। আমি আজিৰপৰা তেনে নকৰোঁ।দাদা প্লিজ।ভুল হ'ল আমাৰ ।
তেনেতে লিজাই লাজ ধাকিবলৈ কাপোৰ বোৰ খৰধৰকৈ পিন্ধিলে।লাজ , অপমান,মাৰ খাই লিজা ৰাঘৱ ঘৰলৈ উভতিল। ঘৰলৈ আহি লিজাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ৰাঘৱে নিজক সংযত কৰি ৰাখিছিল।ভিতৰি মানুহ টো লাজত ভাঙি পৰিছিল, যদিও সি লিজাৰ আগত প্ৰকাশ কৰা নাছিল। ইফালে লিজা ৰাঘৱ হঁতৰ সেই ভিডিঅ' বাছ ড্ৰাইভাৰ কেইজনে বিভিন্ন জনলৈ চেয়াৰ কৰি দিছিল। কথাটো বন জুইৰ দৰে বিয়পি পৰিল।লিজা ঘৰৰ পৰা বাহিৰলৈ নোলোৱা হ'ল। ইফালে ৰাঘৱ হঁতৰ কথাবোৰ ৰাঘৱে কাম কৰা গোদামৰ মালিকৰ কাণত পৰিল গৈ। তেওঁ ৰাঘৱক লাজ অপমান দি ৰাঘৱক কামৰ পৰা উলিয়াই দিলে।ওচৰৰ কোনেও সিহঁতক ভাল চকুৰে চোৱা নাছিল। কথাবোৰ বিনায়কে গম পায় ৰাঘৱ হঁতৰ ঘৰটো খালি কৰি সেই ঠাই এৰিবলৈ বুলি কৈছিল।ৰাঘৱ হঁতৰ সেই ঘটনাটোৰ বিষয়ে ক'বলৈ বিনায়কে ৰাঘৱৰ বন্ধু সুৰেন্দ্ৰলৈ ফোন কৰিলে। সুৰেন্দ্ৰৰ মুখেৰে ফোনত তেতিয়া ৰাঘৱ হঁতৰ আচল কথাটো বিনায়কে গম পালে।ৰাঘৱ আৰু লিজাৰ প্ৰথম সন্তানটো মৃত্যু হোৱাত সিহঁতে দ্বিতীয় সন্তানৰ বাবে বহুত চেষ্টা কৰিছিল।কাৰণ সিহঁতে জানিছিল সন্তান এটা থাকিলেহে সিহঁতৰ ঘৰৰ মানুহে সিহঁতক আদৰি ল'ব। বহু চিকিৎসা চলিল কিন্তু সিহঁতে বিফল হৈছিল। শেষত সিহঁতে ৰাঘৱৰ বন্ধু সুৰেন্দ্ৰৰ কথামতে এজন কবিৰাজৰ ওচৰলৈ গৈছিল। আয়ুৰ্বেদিক চিকিৎসাৰ বাবে। আয়ুৰ্বেদিক চিকিৎসাৰ মতে ৰাঘৱ আৰু লিজাৰ লিজাই সন্তান প্ৰাপ্তিৰ বাবে লাজ মান কাটি কৰিও সেই কাম কৰিবলৈ সিদ্ধান্ত লৈছিল।
কথাটো গম পোৱাৰ পাছত বিনায়ক লগে লগে ৰাঘৱক বিছাৰি গৈছিল। কিন্তু সিহঁতে থকা ঘৰটোৰ দৰ্জাত এটা তলা উলমি আছিল। বহু বিছাৰ-খোচাৰ কৰিও ৰাঘৱ হঁতৰ সম্ভেদ নাপালে বিনায়কে। তেনেতে বাছ আস্থানত হুলস্থূল শুনিবলৈ পোৱা গ'ল। নদীৰ পাৰত দুটা মৃতদেহ উপঙি আছে। খৰধৰকৈ বিনায়ক আৰু বাকী বোৰ নদীৰ পাৰ পালেগৈ। পুলিচ আহি ইতিমধ্যে তাত উপস্থিত হৈছিল হি।মৃত শৰীৰ দুটা আন কাৰোৰে নাছিল। এয়া আছিল লিজা আৰু ৰাঘৱৰ। দুয়োটাই মৃত্যুৰ পাছতো ইটোৱে সিটোৰ হাত দুখন টানকৈ ধৰি আছিল। বিনায়ক ঠাইতে বহি পৰিল।
বাছ ড্ৰাইভাৰ কেইজনক সি সকলো বোৰ কথা খুলি কৈছিল।
"কি হৈ গ'ল? আমি ভিডিঅ' বনাব নালাগিছিল"
তাৰে এজনে ফুচফুচাই কথা খিনি কৈ উঠিল।পুলিচে সেয়া আত্মহত্যা বুলি ঘোষণা কৰি শৰীৰ দুটা পষ্ট মৰ্টেমৰ বাবে পঠিয়াই দিলে। সেই ঠাইত ৰাঘৱ হঁতৰ চিনাকি বিনায়ক আছিল বাবে যাৱতীয় কাম কাজ বোৰ বিনায়কে কৰিব লগা হ'ল। বাছৰ ড্ৰাইভাৰ কেইজনেও যিমান জনলৈ ৰাঘৱ হঁতৰ ভিডিঅ' পঠাইছিল যিমান পাৰে ডিলিট কৰিলে।খবৰটো পাই ৰাঘৱে পৰিয়ালৰ,লিজাৰ পৰিয়ালৰ মানুহ বোৰ,ৰাঘৱে বন্ধু সুৰেন্দ্ৰ আহি সেই ঠাইত উপস্থিত হ'ল হি।পষ্ট মৰ্টেমৰ যেতিয়া ৰিপ'ৰ্ট টো বিনায়কৰ হাতত পৰিছিল তেতিয়া পষ্ট মৰ্টেমৰ ৰিপ'ৰ্টৰ মতে লিজা গৰ্ভৱতী আছিল।
ইফালে মাজ ৰাতিলৈ নদীৰ পাৰত দুটা বগা ছায়মূৰ্তি আৰ্বিভাৱ হ'ল।এটা ছায়া মূৰ্তিয়ে আনটো ছায়া মূৰ্তিৰ পেতত হাত থৈ কৈছে
"মানুহৰ পৃথিৱীত উশাহ লবলৈ বৰ কষ্ট"।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ