সৰস্বতী পূজাৰ দিনটো মনাক্ষীজনী বাবে যে কি ধৰণৰ আছিল।সময়ৰ অপব্যৱহাৰ নকৰা মনাক্ষীয়ে সৰস্বতী পূজাৰ দিনটোতে কিয় যে দেৰিকৈ সাৰ পাই উঠিছিল। ঘড়ীটোত সময় চাই,তাই যে নিজৰ মাজতে এটা বিকতভাৱে চিঞৰি উঠিল। আকৌ তাই সৰস্বতী পূজাৰ বিশেষ লেখাটিও
আধৰুৱা হৈ আছিল। ইফালে বন্ধু - বান্ধৱী বোৰেও বাৰে বাৰে তাইক মেচেজ আন কিছুমানে আকৌ ফোন কৰি তাইক আমনি কৰি আছে।সময়ো ভালেমান হৈছে।তাই সৰস্বতী পূজাৰ লৈ প্ৰস্তুতি চলাবলৈ এতিয়াও ভালেমান বাকী আছে। তেনেতে মাকে মনাক্ষীক মাত লগালে ---
মা : আই মনাক্ষী চাহ কাপ খাই লহি। পিছে আজি তাই মাকে দিয়া চাহ কাপ খাবলৈ অলপো সময় নাই।গা ধুই কথমপি ভিতৰত সোমাওঁতে তাইক নানা চিন্তাই আৱৰি ধৰিছে।আজি কৰিবলৈ থোৱা কামখিনি কেতিয়া যে কৰি শেষ হ'ব।তাই এইবাৰ সঁচাকৈয়ে সপোনতে এটা বিকতভাৱে চিঞৰি শুৱা পৰা সাৰ পাই উঠিল।তাই চকু মেলি দেখিলে সকলো খিনি দেখোন ঠিকেই আছে। মাথোঁ সলনি হ'ল তাই সপোনৰ চিন্তাখিনি।

ধন্যবাদ
ReplyDelete