তুমি অনাদৰ নকৰিবা,
তোমাৰ দৰেই মানুহেইতো
তেওঁ কথাতি এবাৰ ভাৱিবা।
সময়ৰ কোবাল সোঁতে
তেওঁক আজি হয়তো
কৰিছে নিঠৰুৱা,
পথৰ কাষত পৰি আছে
সেইয়ে কিযানি বুকুত লৈ
দুখৰ জুই একুৰা ।
পিন্ধিবলৈ নাই যে
তেওঁৰ বিধে বিধে কাপোৰ ,
খাবলৈও নাপায়
জানা সময়ৰ খাদ্যবোৰ ।
পিন্ধনত আছে যাৰ
মাথোঁ এটি ফটা চোলা,
নোৱাৰে ৰাখিব জাৰ
শীতৰ সেমেকা বেলা ।
ভিক্ষাৰীৰ জীৱন সঁচাই
কিন্তু অতি বিৰহৰ ,
নকৰিবা কদাপিও
সেইয়ে তুমি অনাদৰ ।
ভিক্ষাৰীক দিবা সদায়
এটি মিঠা মাত ,
কেতেৰা বচনেৰে
নিদিবা মনত আঘাত ।

আজিৰ লেখা খিনি পঢ়ি আপ্লুত হ'লো ।
ReplyDelete