হাঁহি থকা মানুহবোৰ দেখিলে।
মোৰ পুতৌ উপজে
হাঁহিৰ পিছফালে লুকাই থকা
দুখ আৰু সমস্যাৰ নিজৰাটো দেখিলে ।
কিমান কৃত্ৰিম এই হাঁহি বোৰ ।
চকুলোৰে লুণীয়া সাগৰত
সুখৰ জলকেলি কৰা
ছদ্মবেশী মানুহ বোৰ ।
মইতো দুখৰ বৰষুণত তিতি
সুখৰ ছাটি হেৰুৱা
অঘৰী কবি ।
হাঁহিবলৈ পাহৰিলো তেতিয়াই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ